অসমআঞ্চলিক

মঙলদৈত সামাজিকতাৰ ৰুগ্ন ছবি!

ধৰ্মান্ধতাৰ গ্ৰাসত পৰি গাঁতত পুতি থ'লে এজন হিন্দু ধৰ্মাৱলম্বীৰ লোকক

 

ধৰ্মান্ধতাৰ গ্ৰাসত এটি দুৰ্ভগীয়া পৰিয়াল। মঙলদৈত সংঘটিত হয় এক অমানৱীয় ঘটনা।মঙলদৈৰ পটালসিং পাৰাৰ গণক চুবাৰ এজন হিন্দু ধৰ্মাৱলম্বীৰ লোকৰ মৃতদেহ পুতি থোৱা হ’ল গাঁতত। অতুল শৰ্মা নামৰ লোকজনৰ মৃতদেহ সৎকাৰৰ পৰিবৰ্তে গাঁত খান্দি পুতি থ’লে পত্নীয়ে।

উল্লেখ্য যে, ২৭ বছৰ পূৰ্বে কোচ সম্প্ৰদায়ৰ প্ৰণীতা দেৱীক বিয়া কৰোৱাৰ বাবেই গাঁওখনৰ সামাজিক অনুষ্ঠানৰ পৰা বঞ্চিত হৈ আহিছিল অতুল শৰ্মাৰ পৰিয়াল। জাতিভেদৰ বাচ-বিচাৰ কৰি গাঁওৰ ৰাইজে সৎকাৰ নকৰিলে অতুল শৰ্মাৰ নশ্বৰদেহ। উপায় বিহীন হৈ পত্নী প্ৰণীতা দেৱীয়ে গাঁত খান্দি পুতি থ’লে স্বামী অতুল বৰাৰ মৃতদেহ।

 

ঘটনা অনুসৰি মঙ্গলদৈৰ নিকটবৰ্তী পটালসিং পাৰা গাঁৱৰ অতুল শৰ্মাৰ মঙ্গলবাৰে মাজৰাতি মৃত্যু হৈছিল। বুধবাৰে পৰিয়ালৰ লোকে অন্তিম সৎকাৰৰ বাবে অনুৰোধ জনাইছিল ওচৰ-চুবুৰীয়াক। কিন্তু অনুৰোধৰ পাছতো অতুল শৰ্মাৰ মৃতদেহ সৎকাৰৰ বাবে ওলাই নাহিল কোনো ৰাইজ। উচ্চবৰ্ণৰ ব্যক্তিয়ে নিম্নবৰ্ণৰ যুৱতীক বিয়া কৰোৱাৰ বাবেই গাঁৱৰ ৰাইজে সমাজৰ পৰা আঁতৰাই ৰাখিছিল পৰিয়ালটিক।

 

ইতিমধ্যে দণ্ডাধিশৰ উপস্থিতিত আৰক্ষী-প্ৰশাসনৰ তৎপৰতাত সমাধিস্থ কৰা অতুল শৰ্মাৰ মৃতেদহ খান্দি ওলোৱা হয়। লগতে অতুল শৰ্মাৰ অন্তেষ্টিক্ৰিয়াৰ ব্যৱস্থাও কৰিছে প্ৰশাসনে।

 

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰে পটালসিংপাৰা গাঁৱৰ গাঁওবুঢ়া যাদৱ দেৱশৰ্মাক। মৃতদেহ গাঁতত পোতাৰ অন্যতম পৰামৰ্শদাতা দেৱশৰ্মা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.