অপৰাধঅসমঅসম আৰক্ষী

GMCHত হত্যাকাণ্ড, কোনে হত্যা কৰিলে আয়েশা খাতুনক?

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। প্ৰত্যক্ষদৰ্শীক সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

GMCHত হত্যাকাণ্ড। GMCHৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত উদ্ধাৰ কৰা হৈছে আয়েশা খাতুন নামৰ এগৰাকী মহিলাৰ মৃতদেহ।

তিনিবছৰীয়া সন্তানটি হাস্পতালত ভৰ্তি হৈ থকাৰ বাবেই মাতৃৰ সৈতে GMCHত আছিল মৃত আয়েশা খাতুন। কিন্তু শনিবাৰে নিশা হাস্পতালতে দ্বিতীয় স্বামী অৰ্থাৎ বৰ্তমানৰ স্বামীৰ সৈতে কাজিয়াত লিপ্ত হয় মহিলাগৰাকী। প্ৰায়ে পূৰ্বৰ স্বামীৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে আয়েশাক সন্দেহ কৰিছিল বৰ্তমানৰ স্বামী হাদি আলীয়ে। শনিবাৰে নিশাও এই কথাকে কেন্দ্ৰ কৰি কাজিয়াত লিপ্ত হৈছিল দুয়ো।

দ্বিতীয় স্বামী হাদি আলীয়ে মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে মাতৃয়ে। কিয়নো শনিবাৰে নিশা হোৱা কাজিয়াখন প্ৰত্যক্ষ কৰিছিল আয়েশাৰ মাতৃয়ে। অৱশ্যে এতিয়াও ৰহস্যৰ আৱৰ্তত আছে আয়েশাৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। প্ৰত্যক্ষদৰ্শীক সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.