আন্তঃৰাষ্ট্ৰীয়ভাৰত

Operation Ganga: যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰত পালেহি ২৫০জন ভাৰতীয়…

ভাৰতীয় দূতাবাসৰ নিৰ্দেশ মৰ্মে ইউক্ৰেইনৰ পৰা সুকলমে ওলাই আহি ৰোমানিয়ালৈ আহিছিল শিক্ষাৰ্থীৰ লগতে আন লোকসকল

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত মৃত্যুৰ কিৰিলি। ইউক্ৰেইনত নাগৰিকসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে চিন্তা, বাঢ়িছে উৎকণ্ঠা। ইউক্ৰেইনত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ বিশেষ অভিযান-Operation Ganga।

দেওবাৰে, ইউক্ৰেইনত থকা ভাৰতীয়ক লৈ ৰোমানিয়াৰ পৰা উৰা মাৰিলে এয়াৰ ইণ্ডিয়াৰ দ্বিতীয়খন বিমান।
দেওবাৰে পুৱা দিল্লী বিমানবন্দৰত অৱতৰণ কৰে ২৫০জন ভাৰতীয়ক লৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনে। ভাৰতীয় দূতাবাসৰ নিৰ্দেশ মৰ্মে ইউক্ৰেইনৰ পৰা সুকলমে ওলাই আহি ৰোমানিয়ালৈ আহিছিল শিক্ষাৰ্থীৰ লগতে আন লোকসকল।

দিল্লী বিমানবন্দৰত বিমানখন উপস্থিত হোৱাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই ফুলেৰে সম্ভাষণ জনায় সকলোকে। এয়াৰ ইণ্ডিয়াৰ (AI)-192 বিমানখনে ৰোমানিয়াৰ ৰাজধানী বুচাৰেষ্টৰ পৰা উৰা মাৰি দিল্লী এয়াৰপ’ৰ্টত উপস্থিত হয় ২৫০ জন ভাৰতীয়।

উল্লেখ্য যে, ইউক্ৰেইনত বৰ্তমানো আৱদ্ধ হৈ থকা আন ভাৰতীয়ক উদ্ধাৰ কৰিবৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে যোগাযোগ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শীঘ্ৰেই বাকীসকলকো ভাৰতলৈ উভতাই আনিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.