অপৰাধঅসমঅসম আৰক্ষী

মুখ্যমন্ত্ৰীৰ সমষ্টিতে আৰক্ষী থানাত দৰ-দাম! ৪৫০০ টকাৰ বিনিময়ত অভিযুক্তক মোকলাই দিলে আৰক্ষীয়ে

শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ এটি ভুক্তভোগী পৰিয়ালৰ। মুখ্যমন্ত্ৰীৰ সমষ্টিতে আৰক্ষী থানাত দৰ-দাম।

শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ এটি ভুক্তভোগী পৰিয়ালৰ। মুখ্যমন্ত্ৰীৰ সমষ্টিতে আৰক্ষী থানাত দৰ-দাম।

আটকাধীন লোকক মোকলাই দিয়াৰ নামত ধন লোৱাৰ অভিযোগ শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে।

উল্লেখ্য় যে, ৫০০০ টকাৰ দাবী কৰিছিল আৰক্ষীয়ে ৪৫০০ টকাৰ বিনময়ত মোকলাই আনিলে স্বামীক। আৰক্ষীয়ে দাবী কৰা ধন সময়মতে দিব নোৱাৰাৰ বাবে নিশা আৰক্ষী থানাত কটাবলগীয়া হ’ল এজন লোক।

জানিব পৰা মতে আৰক্ষীয়ে দাবী কৰা ধন দিয়াৰ পিচতহে মোকলাই দিলে লোকজনক। এই ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্রীৰ সমষ্টিৰ শুৱালকুছিত। আনহাতে পুত্ৰৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই লোৱাৰ বাবত ২০০০০ টকাৰ দাবী কৰাৰ অভিযোগ দূৰ্ভগীয়া পৰিয়ালটিৰ।

ঘৰৰ মাটি বিক্ৰী কৰি হ’লেও আৰক্ষীৰ হাতত ধন দিবলৈ পৰিয়ালক হেঁচা দিয়াৰ অভিযোগ শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে। শেষত উপায়বিহীন পৰিয়ালটোৱে বিচাৰিলে স্থানীয় বিধায়ক তথা  মুখ্যমন্ত্ৰী সহায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.