অসম

সুন্দৰৰ সাধক জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৮ তম জন্মদিন উদযাপন

সুন্দৰৰ চিৰ সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন

আজি সুন্দৰৰ চিৰ সাধক,চিৰকালৰ শ্ৰেষ্ঠ অসমীয়া হিচাপে পৰিচিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন। প্ৰতিজন অসমীয়াৰ হৃদয়ত জীয়াই থকা এক অমৰ সত্তা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অসমীয়া চলচ্চিত্ৰ জগত, সাহিত্য জগত, সংগীত, নাটৰ অন্যতম সাধক। ১৯০৩চনৰ ১৭ জুনত মাতৃ কিৰণময়ী আগৰৱালাৰ গৰ্ভত আৰু পিতৃ পৰমানন্দ আগৰৱালাৰ ঔৰষত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ-বাগিছাত জন্মগ্ৰহণ কৰা ৰূপকোঁৱৰ আছিল অসমীয়া বোলছবি জগতৰ বাটকটীয়াস্বৰূপ।

অসমীয়া বোলছবি, সংস্কৃতি, সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ যোৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জীৱনকালত লিখি উলিয়াইছিল শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰুপালীম, নিমাতী কইনা, সোণপখিলী, খনিকৰ, কনকলতা আৰু সুন্দৰ কোঁৱৰৰ দৰে সুন্দৰ নাট্যৰাজি।

প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণেৰে জ্যোতিপ্ৰসাদে গঢ়িছিল অসমীয়া বোলছবিৰ সোণসেৰীয়া বাট। তেখেতৰ সৃষ্টিৰাজিত প্ৰকাশ পাইছিল জাতীয় জীৱনৰ প্ৰতি থকা গভীৰ দায়বদ্ধতা। অসমীয়া জনজীৱনৰ প্ৰতিখন মঞ্চলৈ জ্যোতিপ্ৰসাদে আগবঢ়াই থৈ যোৱা অৱদান অতুলনীয়। অসমৰ এজন বৰেণ্য ব্যক্তি, সুন্দৰৰ সাধক জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৮ তম জন্মবাৰ্ষিকীৰ দিনটোত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.