অসম

পখিলা খেদা বয়সতে প্ৰাণ হেৰুৱালে এটি পৰিয়ালৰ দুই কণমানিয়ে

পৰিয়ালৰ বুকু শুদা কৰি গুচি গ'ল চোহানা আৰু মহচিন

ধিঙৰ ধূপগুৰিত এতিয়া শোকাকূল পৰিৱেশ। খিলখিলাই হাঁহি সময়বোৰ জীপাল কৰি ৰখা দুজনী কণমানিৰ মৃত্যুৱে এতিয়া অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ। পৰিয়ালৰ বুকু শুদা কৰি গুচি গ’ল চোহানা আৰু মহচিন।

ধিঙৰ ধূপগুৰিৰ ভেৰভেৰীৰ নিবাসী নবী হুছেইনৰ ৭ বছৰীয়া কন্যা চোহানা চুলতানা আৰু নুৰ হুছেইনৰ ৫ বছৰীয়া কন্যা মহচিন চুলতানাৰ বৃহস্পতিবাৰে পুৱা সলিল সমাধি ঘটে। সম্বন্ধত নবী হুছেইন আৰু নুৰ হুছেইন সহোদৰ ভাতৃ। বৃহস্পতিবাৰে পুৱা পৰিয়ালৰ অজ্ঞাতে ঘৰৰ পাছফালে খেলিবলৈ গৈ উভতি নাহিল কণমানি দুজনী। বহু সময়লৈকে ছোৱালী দুজনীক নেদেখি ঘৰৰ মানুহে বিচাৰ-খোচাৰ আৰম্ভ কৰে। বহু বিচাৰ-খোচাৰৰ অন্তত মুমূৰ্ষু অৱস্থাত ঘৰৰে পুখুৰীতে উদ্ধাৰ হয় কণমানি দুজনী। ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে কণমানী দুজনীক মৃত ঘোষণা কৰে। ফুলকুমলীয়া বয়সৰ কণমানি দুজনীক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে পৰিয়ালৰ লোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.