Covid-19জন্তুবন্যপ্ৰাণীভাৰত

ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে সিংহই

কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এটা ১২ বছৰীয়া এছিয় সিংহই

কালান্তক ক’ৰণাত আক্ৰান্ত হৈ কেৱল মানুহেই নহয়, প্ৰাণ হেৰুৱাইছে জীৱকূলেও। কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এটা ১২ বছৰীয়া এছীয় সিংহই। চেন্নাইৰ উপকন্ঠ অঞ্চলৰ ভাণ্ডালুৰ চিৰিয়াখানাত বুধবাৰে ৰাতিপুৱা মৃত্যু হয় পথবানাথন নামৰ সিংহটোৰ।

উল্লেখ্য যে, ৩ জুনত সিংহটোৰ দেহত ধৰা পৰিছিল ক’ভিড। ৩ জুনৰ পৰাই চিৰিয়াখানা কৰ্তৃপক্ষই সিংহটোক প্ৰদান কৰি আহিছিল প্ৰয়োজনীয় চিকিৎসা। ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা পথবানাথন হৈছে দ্বিতীয়টো এছীয় সিংহ।

ইয়াৰ পূৰ্বে চিৰিয়াখানাখনৰ অন্য ঠাইত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল এজনী ৯ বছৰীয়া এছীয় সিংহই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.