অসমআঞ্চলিক

নিৰ্লজ্জ কাণ্ড! যুৱতীক অস্লীল ফটো পঠাই ভাইৰেল চেতিয়া ছাৰ

অংক অথবা ইংলিছ ছাৰ নহয়, এইবাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লজ্জাজনক কাণ্ড

নিৰ্লজ্জ কাণ্ড! যুৱতীক অস্লীল ফটো পঠাই ভাইৰেল চেতিয়া ছাৰ

অংক অথবা ইংলিছ ছাৰ নহয়, এইবাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লজ্জাজনক কাণ্ড৷ এইজন অৱশ্যে সাধাৰণ অধ্যক্ষ নহয়! ফেচবুকৰ সুন্দৰী যুৱতী টাৰ্গেট এইগৰাকী অধ্যক্ষৰ৷ যুৱতীৰ সৈতে ফেচবুকত চিনাকী হৈ অশালীন কথা পাতে এইজন ছাৰে৷ কেৱল কথাই নহয় অশালীন ফটোও যুৱতীক পঠাই চেতিয়া ছাৰে৷ ছাৰৰ হেনো মাজে মাজে যৌৱনে আমনি কৰে৷ সেয়েহে এনে কাণ্ড সংঘটিত কৰি আহিছে ছাৰে৷ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে কৰ্মৰত ডঃ বিমান চেতিয়া ছাৰ৷ অধ্যক্ষ চেতিয়াৰ অশালীন ফটো আৰু মেচেজ বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গেটত ছাত্ৰ-একতা সভা/এবিভিপিৰ প্ৰতিবাদ, আছুয়ে দাহ কৰে অধ্যক্ষৰ প্ৰতিকৃতি ।মহাবিদ্যালয়ৰ মূল গেটৰ সন্মুখত বহি ছাত্ৰ সমাজৰ প্ৰতিবাদ৷ এবিভিপি উত্তৰ লখিমপুৰ নগৰ শাখাই মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰী, ৰাজ্যপাল আৰু জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ৷ উচিত তদন্তৰ দাবী এবিভিপি আৰু ছাত্ৰ একতা সভাৰ৷

ঘটনাৰ তদন্ত নোহোৱা পৰ্যন্ত অধ্যক্ষক তৎকালেই নিলম্বনৰ দাবী সংগঠনকেইটাৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.