অসম

‘তুমি এজন ভাল ল’ৰা চাই আকৌ বিয়াত বহিবা,মই আৰু জীয়াই নাথাকিম ছাগে…’ মৃত্যুৰ আগমুহূৰ্তত পত্নীক কৈ গ’ল এইশাৰী বাক্য 

নকন্যাক লগত লৈ চিকিমলৈ ফুৰিবলৈ গৈছিল দুয়ো। কিন্তু নিয়তিৰ কি পৰিহাস। ঘৰলৈ ঘূৰি অহাৰ পথতে মৃত্যু হয় স্বামীৰ

কোনে জানে কাৰ ভাগ্যত কি আছে? মৃত্যু এনেকৈয়ে আহে। কিছুদিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ৰঙিয়াৰ যুৱক মুনজিৎ দাসৰ। নকন্যাক লগত লৈ চিকিমলৈ ফুৰিবলৈ গৈছিল দুয়ো। কিন্তু নিয়তিৰ কি পৰিহাস। ঘৰলৈ ঘূৰি অহাৰ পথতে কোচবিহাৰৰ আলিপুৰদুৱাৰত হঠাৎ উশাহ নিশাহত কষ্ট পাবলৈ ধৰে মুনজিতে। লগে লগে পত্নীয়ে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে ইতিমধ্যেই মৃত ঘোষণা কৰে মুনজিতক। ইয়াৰ পিছতে দূৰ্ভগীয়া পত্নীয়ে উপায়ন্তৰ হৈ পৰিয়ালৰ লোকক ফোনযোগে সকলো কথা বিবৰি মুনজিতৰ মৃত্যুৰ বাতৰিতো দিয়াত পৰিয়ালটোৰ মাজত সৃষ্টি হয় হুৱা দুৱাৰ। উল্লেখ্য যে পত্নীৰ সৈতে ফুৰিবলৈ গৈ প্ৰেছাৰ ষ্ট্ৰ’কত মৃত্যু হয় স্বামীৰ। মুনজিতৰ অকাল মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকৰ ছাঁ পৰে সমগ্ৰ ৰঙিয়া অঞ্চলত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.