অসমআন্তঃৰাষ্ট্ৰীয়

অসমৰ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মণলৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ সন্মান

'চেম্পিয়ন অৱ দ্য আৰ্থ-২০২২'ৰ সন্মান আগবঢ়োৱা হৈছে পূৰ্ণিমা দেৱী বৰ্মণলৈ

অসমৰ বন্যপ্ৰাণী জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মণলৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ সন্মান ‘চেম্পিয়ন অৱ দ্য আৰ্থ-২০২২’ৰ সন্মান আগবঢ়োৱা হৈছে। মঙলবাৰে ঘোষণা কৰা ৰাষ্ট্ৰসংঘৰ পৰিবেশ কাৰ্যসূচীৰ (UNEP) ২০২২ বৰ্ষৰ পৃথিৱীৰ চেম্পিয়ন বঁটাৰ ভিতৰত আছে অসমৰ পৰা সৰ্বমহিলা তৃণমূল পৰ্যায়ৰ সংৰক্ষণ আন্দোলন আৰম্ভ কৰি বিশ্বৰ অন্যতম বিৰল ষ্টৰ্ক বৃহত্তৰ এডজুটেণ্টক উদ্ধাৰ কৰাৰ বাবে পৰিচিত সংৰক্ষণ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মণ।

 

IANS ইণ্ডিয়াই শেহতীয়া টুইটত কয় যে, ‘বিশ্বৰ অন্যতম বিৰল ষ্টৰ্ক বৃহত্তৰ এডজুটেণ্টক বচাবলৈ অসমৰ পৰা সৰ্বমহিলা তৃণমূল পৰ্যায়ৰ সংৰক্ষণ আন্দোলন আৰম্ভ কৰাৰ বাবে পৰিচিত সংৰক্ষণ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মণলৈ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ’চেম্পিয়ন অৱ দ্য আৰ্থ-২০২২’ৰ সন্মান প্ৰদান।’ হাড়গিলা বাইদেউ হিচাপেও বিখ্যাত পূৰ্ণিমা দেৱী বিলুপ্তপ্ৰায় হাড়গিলাৰ সংৰক্ষণত জড়িত।

উল্লেখ্য যে, ২০০৫ চনৰ পৰাই বাৰ্ষিক চেম্পিয়নছ অৱ দ্য আৰ্থ বঁটা প্ৰাকৃতিক জগতখনক সুৰক্ষা প্ৰদানৰ প্ৰচেষ্টাত আগৰণুৱা ট্ৰেইলব্লেজাৰসকলক প্ৰদান কৰি অহা হৈছে। আৰু এই বৰ্ষৰ ‘চেম্পিয়ন অৱ দ্য আৰ্থ’ৰ সন্মান আগবঢ়োৱা হৈছে অসমৰ বন্যপ্ৰাণী জীৱবিজ্ঞানী ডঃ পূৰ্ণিমা দেৱী বৰ্মণলৈ। ইয়াৰ পূৰ্বে ২০১৮ত ৰাষ্ট্ৰসংঘৰ এই বঁটাৰে সন্মানিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

 

চেম্পিয়নছ অৱ দ্য আৰ্থ বঁটা ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান। আজিলৈকে ১১১ জনে লাভ কৰিছে এই সন্মান। ইয়াৰে ২৬ জন বিশ্ব নেতা, ৬৯ জন অন্য ব্যক্তি আৰু ১৬টা সংগঠন। এইবাৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অভিলেখ সংখ্যক ২২০০ মনোনয়ন লাভ কৰা হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button