অসমজীৱনশৈলীভাৰত

যুৱতীয়ে যুৱতীক পিন্ধালে আঙঠি! বিবাহৰ বাবে সাজু সুৰভি-পাৰমিতা, দেশজুৰি চৰ্চা…

প্ৰচলিত ধ্যান ধাৰণাৰ বিপৰীতে দুই যুৱতী প্ৰতিশ্ৰুতিবদ্ধ হ’ল আজীৱন একেলগে থাকিবলৈ

প্ৰচলিত ধ্যান ধাৰণাৰ বিপৰীতে দুই যুৱতী প্ৰতিশ্ৰুতিবদ্ধ হ’ল আজীৱন একেলগে থাকিবলৈ।

সুৰভি মিত্ৰ আৰু পাৰমিতা মুখাৰ্জী নামৰ দুগৰাকী যুৱতীয়ে নিজৰ প্ৰেমৰ সম্পৰ্কক দিব বিচাৰিছে বৈবাহিক ৰূপ। দুয়ো দুয়োকে সমজুৱাভাৱে আঙঠি পিন্ধাই এই সম্পৰ্কক শক্তিশালী কৰি তুলিলে। অতি সোনকালে দুই যুৱতী আৱদ্ধ হ’ব বিবাহপাশত।

সুৰভিৰ ঘৰ নাগপুৰত আৰু পাৰমিতাৰ ঘৰ কলকাতাত। সুৰভি পেছাত ডাক্তৰ আৰু পাৰমিতাই এটা কোম্পানীত চাকৰি কৰি আছে। নাগপুৰৰ এখন ৰিজ’ৰ্টত পৰিয়ালৰ লোকৰ উপস্থিতিত সুৰভি আৰু পাৰমিতাৰ ৰিং চেৰেমনী অনুষ্ঠিত হয়।

সমকামিতাক বৰ্তমান সময়ত বৈধ বুলি ঘোষণা কৰা হ’ল যদিও এতিয়াও সমাজে ইয়াক সহজভাৱে গ্ৰহণ কৰিব পৰা হোৱা নাই। কিন্তু সুৰভি মিত্ৰ আৰু পাৰমিতা সমাজক লৈ চিন্তিত নহয়। তেওঁলোকে নিজৰ জীৱন কেনেদৰে সুখী কৰিব পাৰি তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.