AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

২১ ৰাজ্যৰ ১০২ লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন…..

২১ ৰাজ্যৰ ১০২ লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন।

যোৱা ২০ মাৰ্চত আৰম্ভ হোৱা নিৰ্বাচনী প্ৰক্ৰিয়াৰ অধীনত ২৮ মাৰ্চত মনোনয়নৰ পুনৰীক্ষণ।

অহা ৩০ মাৰ্চলৈ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।

১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত তামিলনাডুত সৰ্বাধিক ৩৯ সমষ্টি আৰু ৰাজস্থানত ১২ সমষ্টিৰ বাবেও হ’ব এই ভোটগ্ৰহণ।

অসমৰ ৫ সমষ্টিকে ধৰি পুৰ্বোত্তৰৰ আটাইকেইখন ৰাজ্যতে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

মণিপুৰৰ আউটাৰ সমষ্টিত ২টা পৰ্যায়ত হ’ব ভোটগ্ৰহণ।

৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল পৰ্বৰে ৰাজনৈতিক দলসমূহে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান।

ইতিমধ্যে শাসকীয় বিজেপি দলকে ধৰি কেইবাটাও ৰাজনৈতিক দলে জাৰি কৰিছে ষ্টাৰ কেম্পেইনাৰৰ তালিকা।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.