Educationঅসমদৈনিক বাতৰিভাৰত

শিক্ষাখণ্ডৰ বাবে সুখবৰ, দেশৰ ৮ নং স্থানত গুৱাহাটী আই আই টি

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কৰ অধীনত জাৰি কৰা ইণ্ডিয়া ৰেংকিংছ ২০২১-এ ৰাজ্যৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম হৈছে

ৰাজ্যৰ উচ্চ শিক্ষাখণ্ডৰ বাবে সুখবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসমৰ শিক্ষানুষ্ঠান। দেশৰ শীৰ্ষ ১০০খন শীৰ্ষ শিক্ষানুষ্ঠানত অন্তৰ্ভুক্ত হ’ল ৰাজ্যৰ ৪খন আগশাৰীৰ শিক্ষানুষ্ঠান।

শিক্ষানুষ্ঠানসমূহৰ ভিতৰত দেশৰ ৮ নম্বৰ স্থানত আছে গুৱাহাটী আই আই টি। ৬৭ নং স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয়। ৭৩ সংখ্যক স্থান লাভ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ে। শিক্ষানুষ্ঠানৰ ৯৩ সংখ্যক স্থানত আছে শিলচৰৰ নেচনেল ইনষ্টিটিউট অৱ টেকনল’জী।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কৰ অধীনত জাৰি কৰা ইণ্ডিয়া ৰেংকিংছ ২০২১-এ ৰাজ্যৰ বাবে এই স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.