AssamCity newsnationalpoliticalঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অগ্নিকুণ্ডত কলকাতা…. RG KAR চিকিৎসা মহাবিদ্যালয়ত ধৰ্ষণ আৰু হত্যাক কেন্দ্ৰ কৰি দিনে নিশাই তীব্ৰ প্ৰতিবাদ…..

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু হত্যাক কেন্দ্ৰ কৰি প্ৰতিবাদৰ অগ্নিকুণ্ডত পৰিণত হৈছে কলকাতা। মঙলবাৰেও কলকাতাত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে বাহিৰ কৰে প্ৰতিবাদী মিছিল। সচিবালয় ঘেৰাও কৰি প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবীত সৰৱ হৈ পৰে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকল। সচিবালয়ত প্ৰৱেশত প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা দিয়াত দুই পক্ষৰ মাজত সৃষ্টি হয় সংঘাতৰ। একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীক লক্ষ্য কৰি নিক্ষেপ কৰে শিল আৰু ইটা। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ বাবে আৰক্ষীয়ে নিক্ষেপ কৰে কন্দুৱা গেছ। বহু স্থানত উত্তেজিত প্ৰতিবাদকাৰীয়ে ভাঙি চূৰমাৰ কৰে আৰক্ষীৰ বেৰিকেড।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.