Educationঅসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে এক বিশেষ প’ৰ্টেল মুকলি কৰিছে ছেবাই

ই পৰ্টেলৰ জড়িয়তে পৰীক্ষাৰ্থীসকলে বিভিন্ন বিষয়ৰ পৰীক্ষাৰ উত্তৰ বহীসমূহ পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই এক বিশেষ প’ৰ্টেল মুকলি কৰিছে ছেবাই। এই পৰ্টেলৰ জড়িয়তে পৰীক্ষাৰ্থীসকলে বিভিন্ন বিষয়ৰ পৰীক্ষাৰ উত্তৰ বহীসমূহ পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব৷ তাৰোপৰি উত্তৰ বহীৰ ফটো কপিও বিচাৰি আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে।

ছেবাৰ অনলাইন পৰ্টেল sebaonline.org ত কৰিব লাগিব আবেদন। এই পৰ্টেল ১০ জুনৰ পুৱা ৬ বজাৰ পৰা ২০ জুনৰ সন্ধিয়া ৫ বজালৈকে খোলা থাকিব।

উত্তৰ বহীসমূহ পুনৰীক্ষণৰ বাবে অনলাইনযোগে পৰিশোধ কৰিব লাগিব ৩৫০ টকা আৰু উত্তৰ বহীৰ ফটো কপি বিচাৰিলে দিব লাগিব ৫৫০ টকা।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.