অসমঅসম আৰক্ষী

ন্যায় পাবনে কীৰ্তিকমলে? ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা কীৰ্তিকমল বৰাৰ ৰাজহুৱা শুনানি

প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য ল’ব অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে। বিয়লি ২ বজাৰ পৰা নগাঁৱৰ আৱৰ্ত ভৱনত গ্ৰহণ কৰা হ'ব সাক্ষ্য।

ৰাজ্য কঁপাই যোৱা এক ঘটনা। মাতৃৰ বাবে ঔষধ ক্ৰয় কৰিবলৈ গৈ বিনা দোষত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল নগাঁৱৰ যুৱক কীৰ্তিকমল বৰা। এণ্টি নাৰ্কটিক স্কোৱাডৰ অভিযানত গুলীবিদ্ধ হোৱা কীৰ্তিকমল বৰা ঘটনাৰ দিন ধৰি GMCHত চিকিৎসাধীন হৈ আছে।

আজি নগাঁৱৰ এনকাউণ্টাৰ সন্দৰ্ভত হ’ব ৰাজহুৱা শুনানি। প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য ল’ব অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে। বিয়লি ২ বজাৰ পৰা নগাঁৱৰ আৱৰ্ত ভৱনত গ্ৰহণ কৰা হ’ব সাক্ষ্য। ইতিমধ্যে সাক্ষ্য গ্ৰহণ কৰা হৈছে গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ।

তদন্তৰ শুনানি গ্ৰহণৰ বাবে নগাঁও আৱৰ্ত ভৱনত আৰক্ষী, CRPF বাহিনী মোটায়েন কৰি প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। উল্লেখ্য যে, নগাঁও এনকাউণ্টাৰৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে অতিৰিক্ত মুখ্য সচিবক লৈ গঠন কৰি দিয়া এজনীয়া তদন্ত কমিটিয়ে ইতিমধ্যে GMCHত চিকিৎসাধীন গুলীবৃদ্ধ কীৰ্তিকমলৰ ভাষ্য গ্ৰহণ কৰিছে। এনে অৱস্থাত তদন্ত কমিটীৰ প্ৰতিবেদনক লৈ উৎকণ্ঠাৰে বাট চাই ৰৈছে নগাঁৱৰ ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.