leatest updateঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

জলবিস্ফোৰণত বিধ্বস্ত খাৰঘূলি; খাৰঘূলিত এতিয়া কেৱল কান্দোনৰ ৰোল…

ঘটনাত নিহতৰ পৰিয়াললৈ ২ লাখ টকাৰ ঘোষণা।

খাৰঘূলিত এতিয়া কেৱল কান্দোনৰ ৰোল। জলবিস্ফোৰণত বিধ্বস্ত খাৰঘূলিত এতিয়া হাহাকাৰ পৰিস্থিতি। হঠাতে জাইকা প্ৰকল্পৰ পাইপ ফুটি জলবিস্ফোৰণ। দুৰ্ঘটনাত নিহত হয় সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলা। জলবিস্ফোৰণে হঠাতে তচনচ কৰি গ’ল খাৰঘূলি। ধংস কৰি থৈ গ’ল বহু লোকৰ ঘৰ দুৱাৰ, পানীয়ে উটুৱাই লৈ গ’ল গাড়ী, বাইক সকলো। গৃহহীন হৈ পৰিল প্ৰায় ১৬টাকৈ পৰিয়াল। ঘৰ-বাৰী হেৰুৱাই অসহায় হৈ পৰিছে কেইবাটাও পৰিয়াল। ঘটনাত নিহতৰ পৰিয়াললৈ ২ লাখ টকাৰ ঘোষণা। প্ৰতিগৰাকী আহতলৈ আগবঢ়োৱা হ’ব ১০ হাজাৰকৈ টকা।

খাৰঘূলিৰ ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় বিভিন্ন মন্ত্ৰী-বিধায়ক। ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। জয়পুৰ LPস্কুলত ক্ষতিগ্ৰস্ত লোকৰ বাবে দিয়া হৈছে আশ্ৰয় শিবিৰ। এই ঘটনাৰ তদন্তৰ বাবে নিৰ্দেশ মন্ত্ৰী অশোক সিংঘলৰ। তিনিদিনৰ ভিতৰত ঘটনাৰ তদন্ত সম্পন্নৰ নিৰ্দেশ দিয়া হৈছে উপায়ুক্তক। ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণৰ সিদ্ধান্ত ADMAৰ। প্ৰতিবেদনৰ পিছত নিৰ্ধাৰণ কৰিব ক্ষতিপূৰণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.