উৎসৱধৰ্মীয়ধাৰ্মিকভাৰত

আজি কৰৱা চৌথ! কেতিয়া, ক’ত আৰু কিয় পালন কৰা হয় এই উৎসৱ

কৰৱা চৌথৰ সময় আৰু উদ্দেশ্য

আজি কৰৱা চৌথ। হিন্দু ধৰ্মত আজিৰ দিনটোত এই পূজা বিবাহিত নাৰীয়ে নিজৰ স্বামীৰ বাবে কৰে। ভাৰতৰ উত্তৰ অংশত বহুলভাৱে উদযাপন কৰা হয় কৰৱা চৌথৰ পূজা।

আজি কৰৱা চৌথ! কেতিয়া, ক'ত আৰু কিয় পালন কৰা হয় এই উৎসৱ

হিন্দু মাহত কৃষ্ণ পক্ষ চতুৰ্থীৰ দিনা পালন কৰা হয় কৰৱা চৌথ। সেই দিনটোত পত্নীয়ে নিজৰ স্বামীৰ দীৰ্ঘায়ু আৰু স্বাস্থ্যৱান জীৱনৰ বাবে সূৰ্যোদয়ৰ পৰা চন্দ্ৰ ওলোৱালৈ উপবাস পালন কৰে। কৰৱা চৌথ উপবাস পৰম্পৰাগতভাৱে ভাৰতৰ দিল্লীহাৰিয়ানাৰাজস্থানপঞ্জাবজম্মু আৰু কাশ্মীৰউত্তৰ প্ৰদেশমধ্য প্ৰদেশ আৰু হিমাচল প্ৰদেশ ৰাজ্যত উদযাপন কৰা হয়। এই উৎসৱ অন্ধ্ৰ প্ৰদেশত আটলা টাড্ডে হিচাপে উদযাপন কৰা হয়।

‘কৰৱাʼ হৈছে কলহ আৰু ʼচৌথʼৰ অৰ্থ হৈছে ‘চতুৰ্থ’ (কাৰ্তিক মাহৰ চতুৰ্থ দিনা পূৰ্ণিমাৰ পিছত)।

এই উৎসৱত, কেৱল বিবাহিত মহিলাসকলে ৰাতিপুৱাৰ পৰা ৰাতি চন্দ্ৰৰ নেদেখালৈ উপবাস পালন কৰে। এই উপবাসৰ উদ্দেশ্য হৈছে স্বামীৰ স্বাস্থ্য, দীৰ্ঘ জীৱন আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা।

আজি কৰৱা চৌথ! কেতিয়া, ক'ত আৰু কিয় পালন কৰা হয় এই উৎসৱ

যেতিয়া আকাশত চন্দ্ৰমা দৃশ্যমান হয়, তেতিয়া বিবাহিত মহিলাই ফুটা থকা চালনীৰ মাজেৰে চন্দ্ৰলৈ চায় আৰু তাৰ পিছত চালনীৰ মাজেৰে একেদৰে তেওঁলোকে স্বামীৰ মুখখন চায়। তাৰ পিছত মহিলাসকলে স্বামীৰ স্বামীৰ স্বাস্থ্যৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে।

আজি কৰৱা চৌথ! কেতিয়া, ক'ত আৰু কিয় পালন কৰা হয় এই উৎসৱ

পৰম্পৰাগতভাৱে উপবাসে কৰা মহিলাগৰাকীয়ে কোনো ধৰনৰ ঘৰৰ কাম নকৰে। মহিলাসকলে মিলি ইজনে সিজনৰ হাতত জেতুকা লগায় আৰু দিনটো বন্ধু আৰু আত্মীয়ক লগ কৰি উপহাৰ বিনিময় কৰে। সন্ধিয়া, মহিলাসকলে সুন্দৰ পোছাক আৰপ অলংকাৰ পিন্ধি পূজা আৰম্ভ কৰে।

আজি কৰৱা চৌথ! কেতিয়া, ক'ত আৰু কিয় পালন কৰা হয় এই উৎসৱ

এই বছৰ ২৪ অক্টোবৰ, আজিৰ দিনটোত উদযাপন কৰা হৈছে কৰৱা চৌথ। আজি উপবাসৰ সময় হৈছে পুৱা ৬.২৭ বজাৰ পৰা সন্ধিয়া ৮.০৭ বজাৰ ভিতৰত আৰু পূজাৰ মুহুৰ্ত হৈছে সন্ধিয়া ৫.৪৩ বজাৰ পৰা ৬.৫৯ বজালৈ। ৰাতি ৮.০৭ বজাত চন্দ্ৰোদয় যিকোনো সময়তে হোৱাৰ সম্ভাৱনা আছে।

আজি কৰৱা চৌথ! কেতিয়া, ক'ত আৰু কিয় পালন কৰা হয় এই উৎসৱ

দৰিক পঞ্চাঙৰ মতে, ‘কৰৱা চৌথৰ উৎপত্তি মহাভাৰতৰ পৰা পোৱা যায়, যেতিয়া সাবিত্ৰীয়ে মৃত্যু হোৱা স্বাসীক যমৰ পৰা ওভতাই আনিবলে ঈশ্বৰৰ আগত অনুৰোধ কৰিছিল। মহাকাব্যৰ আন এটা খণ্ডত পাণ্ডৱ আৰু তেওঁলোকৰ পত্নী দ্ৰৌপদীৰ বিষয়েও কোৱা হয়। কোৱা হয় যে, অৰ্জুনৰ সুৰক্ষাৰ বিষয়ে চিন্তিত হৈ দ্ৰৌপদীয়ে তেওঁৰ বন্ধু কৃষ্ণৰ সহায় বিচৰাত তেওঁক দেৱী পাৰ্বতীয়ে স্বামীৰ সুৰক্ষাৰ বাবে কঠোৰ উপবাস পালন কৰিবলৈ পৰামৰ্শ দিছিল। দ্ৰৌপদীয়ে এই কঠোৰ উপবাস মানিছিল, আৰু সোনকালেই অৰ্জুন সুৰক্ষিত হৈ ঘৰলৈ উভতি আহিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button