অপৰাধভাৰত

আইতাকক লগ কৰাব বুলি নিজৰেই দুই সন্তানক অপহৰণ কৰিলে পিতৃয়ে

অপহৰণকাৰী স্বামীক গ্ৰেপ্তাৰ কৰি কাৰগাৰত ৰাখিছে আৰক্ষীয়ে

আইতাকক লগ কৰাব বুলি ফুচুলাই নিজৰেই দুই সন্তানক অপহৰণ কৰিলে পিতৃয়ে।

আইতাকৰ সৈতে দুই নাতিক দেখা কৰাবৰ বাবে অতি কৌশলেৰে নিজৰেই দুই সন্তানক অপহৰণ কৰি নিয়ে পিতৃয়ে। পিছত পত্নীয়ে আৰক্ষীৰ ওচৰত গোচৰৰ দিয়াতহে পিছতে সমুখলৈ আহে সকলো ঘটনা।

২০০৪ চনত ডুবাইত থকা ইমৰানৰ সৈতে বিহাৰৰ এগৰাকী মহিলা বিবাহ পাশত আৱদ্ধ হৈছিল। পিছে মহিলাগৰাকী মুকবধিৰ হোৱাৰ বাবে বিয়াৰ কেই বছৰ মান পিছতে দুই সন্তানৰ সৈতে বিহাৰত এৰি থৈ যায় পত্নীক। তাৰ পিছত মুকবধিৰ মহিলাগৰাকীয়ে কোনোমতে আনৰ ঘৰত কাম কৰি দুই সন্তানৰ লগতে নিজৰ পেট প্ৰৱৰ্তন কৰে। মুকবধিৰ হোৱাৰ বাবে ওচৰৰ পাজৰৰ লোকেও কোনো খবৰ পাতি উলিয়াব নোৱাৰে স্বামীৰ।

হঠাতে এদিন স্বামী আহি ওলোৱাত সন্তানত স্বামীৰ হাতত দিবলৈ অমান্তি হয় মহিলাগৰাকীয়ে আৰু স্বামীয়েও কৌশলেৰে সন্তানত অপহৰণ কৰি নিয়ে।

বৰ্তমানে পত্নীৰ গোচৰৰ ভিত্তিতে অপহৰণকাৰী স্বামীক গ্ৰেপ্তাৰ কৰি কাৰগাৰত ৰাখিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.