Socialঅভিনয়বলিউডভাৰতমনোৰঞ্জনমহাৰাষ্ট্ৰমুম্বাই

আপুনি জানেনে? কাপুৰ পৰিয়ালত নৱম শ্ৰেণীতকৈ বেছি কোনেও পঢ়িব নোৱাৰিলে

ৰণবীৰ যেতিয়া দশম শ্রেণীত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল তেতিয়া ডাঙৰকৈ পাৰ্টি ৰখা হৈছিল ৰণবীৰৰ ঘৰত

আপুনি জানেনে? কাপুৰ পৰিয়ালত নৱম শ্ৰেণীতকৈ বেছি কোনেও পঢ়িব নোৱাৰিলে

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰক কোনে চিনি নাপায়? বলীউডৰ চকলেট বই বুলি পৰিচিত ৰণবীৰে নিজৰ অভিনয়ৰ প্ৰতিভাৰে সৰ্বত্ৰে অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম। ৰণবীৰ এতিয়া ব্যস্ত তেওঁৰ আহিব লগীয়া নতুন ছবি ‘ছামচেৰা’ৰ বাবে।

বৰ্তমান ছবিখনৰ প্ৰচাৰত গুৰুত্ব দিছে ৰণবীৰে। ছবি খনৰ প্ৰচাৰৰ সময়তে এক অদ্ভুত মন্তব্য কৰে অভিনেতা ৰণবীৰ কাপুৰে। তেওঁ উল্লেখ কৰে যে কাপুৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ পঢ়া শুনা কৰা ব্যক্তি কেৱল তেওঁ। কাপুৰ পৰিয়ালত আন সকলো নৱম শ্ৰেণীলৈকেহে পঢ়া। আচৰিত যেন লাগিলেও এয়াই সত্য।

ৰণবীৰ যেতিয়া দশম শ্রেণীত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল তেতিয়া ডাঙৰকৈ পাৰ্টি ৰখা হৈছিল ৰণবীৰৰ ঘৰত। অৰ্থাৎ কাপুৰ পৰিয়ালত প্ৰথম ল’ৰা সন্তান ৰণবীৰ দশম শ্ৰেণী পাছ কৰাটোৱে কাপুৰ পৰিয়ালৰ বাবে আছিল এক বৃহৎ সফলতা৷ তাৰ পিছত ৰণবীৰে ১২ পাছ কৰি আৰু নপঢ়িল৷

কিন্তু তেঁওৰ ইংৰাজী শুনি কোনেও অনুমান কৰিব নোৱাৰে যে তেওঁ কেৱল ১২ পাছ৷ শেহতীয়াকৈ তেওঁৰ পৰিয়ালত কোনো ব্যক্তি নৱম শ্ৰেণীতকৈ অধিক পঢ়া নাই বুলি ‘ছামচেৰা’ৰ প্ৰচাৰৰ সময়ত মন্তব্য কৰাক লৈ এতিয়া আৰম্ভ হৈছে চৰ্চা৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + eleven =

Back to top button