অভিনয়বলিউডবোলছবিভাৰত

ধাৰ্য্য হ’ল সুনীল কন্যা আথিয়া চেট্টী আৰু ক্ৰিকেটাৰ কে এল ৰাহুলৰ বিবাহৰ দিন

কন্যাৰ বিবাহ সন্দৰ্ভত সকলোখিনি মুকলিকৈ প্ৰকাশ পিতৃ সুনীল চেট্টীৰ

ধাৰ্য্য হ’ল সুনীল কন্যা আথিয়া চেট্টী আৰু ক্ৰিকেটাৰ কে এল ৰাহুলৰ বিবাহৰ দিন। বলীউডৰ জনপ্ৰিয় অভিনেতা সুনীল চেট্টীয়ে ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুলৰ সৈতে তেওঁৰ কন্যা আথিয়া চেট্টীৰ বিবাহ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুকলিকৈ ব্যক্ত কৰে সকলোখিনি।

 

 

আথিয়া আৰু ৰাহুলৰ সময়সূচীৰ ওপৰত নিৰ্ভৰ কৰিয়ে দুয়োৰে বিবাহৰ দিন নিশ্চিত কৰিব বুলি প্ৰকাশ কৰে সুনীল চেট্টীয়ে।
এক সাক্ষাৎকাৰত তেখেতে কয় যে, ৰাহুলৰ ব্যস্ত সময়সূচী। ৰাহুল আগন্তুক এছিয়া কাপ, বিশ্বকাপ, দক্ষিণ আফ্ৰিকা ভ্ৰমণ আৰু অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ব্যস্ত থাকিব। বিয়াখন তেতিয়াহে হ’ব যেতিয়া ল’ৰা-ছোৱালী দুয়োৱে বিৰতি পাব। কিয়নো বিয়াখন এদিনত হ’ব নোৱাৰে।

 

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আথিয়া চেট্টী আৰু কে এল ৰাহুলৰ বিবাহক লৈ বিভিন্ন ধৰণৰ উৰাবাতৰি চলি আহিছে।

 

অভিনেত্ৰী আথিয়া চেট্টী আৰু কে এল ৰাহুল বহু সময়ৰ পৰা প্ৰেমৰ সম্পৰ্কত আছে। দম্পতীহালে আথিয়াৰ ভায়েক আহান চেট্টীৰ প্ৰথম চলচ্চিত্ৰ তাডাপ স্ক্ৰীণিংত তেওঁলোকৰ সম্পৰ্কৰ কথা প্ৰথম ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.