Socialঅপৰাধআফগানিস্তান

৮ বছৰ আগতে আজিৰ দিনটোত শান্তিৰ নোবেল বিজয়ী মালালাক কিয় গুলিয়াইছিল তালিবানে?

তালিবানৰ সন্ত্ৰাসৰ বিৰুদ্ধে গুজৰিছিল মালালাই

তালিবানৰ সন্ত্ৰাসৰ বিৰুদ্ধে গুজৰিছিল এগৰাকী কিশোৰীয়ে। নাম ‘মালালা’। কোন এইগৰাকী দুঃসাহসী মলালা?

মালালাৰ সম্পুৰ্ণ নাম আছিল মলালা ইউছাফজাই। তেওঁ আছিল এগৰাকী সাহসী মহিলা, যিয়ে দুৰ্নীতিৰ বিৰুদ্ধে মাত দিয়াৰ লগতে পাকিস্তানত মহিলাৰ শিক্ষাক উদগনি যোগোৱা আৰু অনিবাৰ্য কৰাৰ বাবে উঠি পৰি যুঁজ দিছিল।

যেতিয়া তালিবানৰ হিংসাত্মক নীতিৰ আতংকৰ ফলত ছোৱালীসকলে স্কুললৈ যাব নোৱাৰা অৱস্থা হৈছিল, তেতিয়া মালালা আছিল মাত্ৰ আঠ বছৰ বয়সৰ। অন্যায়ৰ বিৰুদ্ধে যুঁজি দিবলৈ ওলাই আহিছিল আঠ বছৰীয়া কণমাণিগৰাকী।

১৬ বছৰ বয়সত জন্ম দিনৰ দিনাই মালালই লাভ কৰিছিল সাহসীকতাৰ সন্মান। সন্মান হিছাপে সংযুক্ত ৰাষ্ট্ৰই ১২জুলাই দিনটোক মলালা দিৱস হিচাপে ঘোষণা কৰিছিল।

২০০৭-০৯ বৰ্ষৰ সময়ছোৱাত পাকিস্তানত আছিল তালিৱান সন্ত্ৰাস আৰু আতংক। তালিবানে মহিলাৰ বাবে বন্ধ কৰি দিছিল নৃত্য, বিউটি পাৰ্লাৰ, শিক্ষা আৰু ৪০০ তকৈও অধিক স্কুল।

সেই সময়ত মলালাৰ বয়স আছিল ১১ বছৰ। পিতৃয়ে প্ৰৱল আত্মবিশ্বাসেৰে তাইক লৈ গ’ল পেশাবৰলৈ আৰু তাতে মলালাই প্ৰদশন কৰিলে বিশ্বক আচম্বিত কৰা বিখ্যাত ভাষনটি। যাৰ শীৰ্ষক আছিল- How dare the Taliban take away my basic right to education ।

২০১২ চনৰ ৯অক্টোবৰ অৰ্থাৎ আজিৰ দিনাটোতে মলালাই বন্ধুৰ্বগৰ সৈতে এখন বাছত যাত্ৰা কৰি থকাৰ সময়তে তালিবানে বাছখনত প্ৰৱেশ কৰি “মলালা কোন” বুলি সোধে আৰু মলালাৰ মস্তিকত গুলিবৰ্ষন কৰে।

কিন্তু ৰাইজৰ আৰ্শীবাদত মলালাৰ ব্ৰিটেইনত চিকিৎসালয়ত সম্পুৰ্ণ সুস্থ হৈ উঠে।

শিক্ষাৰ অধিকাৰ আৰু মহিলাৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ শক্তিশালী তালিবানৰ লগতো যুজিবলৈ কুণ্ঠাবোধ নকৰা মলালাক ২০১৩ ৰ্বষত শান্তিৰ নোবেল বটাঁৰে সন্মানিত কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button