খেল

ৰেচ-ৱাকত ইতিহাস ৰচি ঐতিহাসিক পদক জয় প্ৰিয়ংকাৰ

কমনৱেলথ গেমছৰ ৰেচ-ৱাকত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয় উত্তৰ প্ৰদেশৰ এথলিট প্ৰিয়ংকা গোস্বামীয়ে।

কমনৱেলথৰ ইতিহাসত ঐতিহাসিক ৰূপৰ পদক জয় কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়ালে এথলিট প্ৰিয়ংকা গোস্বামীয়ে। শনিবাৰে অনুষ্ঠিত হোৱা ১০ হাজাৰ মিটাৰ ৰেচ-ৱাকত ৰূৰ পদক জয়লাভ কৰি এই খেলত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় প্ৰিয়ংকাই। বাৰ্মিংহামত চলি থকা কমনৱেলথত দেশক ২৭ সংখ্যক পদক উপহাৰ দিয়াৰ উপৰিও প্ৰিয়ংকাই ব্যক্তিগত অভিলেখ গঢ়িবলৈ সক্ষম হয়। এথলিটগৰাকীয়ে ৪৯.৩৮ মিনিটত এই দৌৰ সম্পূৰ্ণ কৰে।

তেজস্বী প্ৰকাশ, মুৰলী শ্ৰীশংকৰৰ পাছতেই ট্ৰেক এণ্ড ফিল্ডত পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় এথলিট হৈছে প্ৰিয়ংকা।

ইফালে প্ৰথমবাৰৰ বাবে কমনৱেলথৰ ষ্টীপল চেজত পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰতে। মহাৰাষ্ট্ৰৰ অবিনাশ চেবলে পুৰুষৰ ৩ হাজাৰ মিটাৰ ষ্টীপল চেজত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এই খেলত কমনৱেলথ পদক লাভ কৰা প্ৰথম গৰাকী খেলুৱৈত পৰিণত হয় অবিনাশ। অবিনাশে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি কমনৱেলথ গেমছৰ ষ্টীপলচেজৰ প’ডিয়াম ফিনিছিঙৰ পথত ৮:১১.২০ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button