ৰাজনৈতিক

নিৰ্বাচিত হ’ল দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি

দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্রপতি হিচাপে এম ভেংকায়া নাইডুৰ স্থানত স্থলাভিষিক্ত হ’ব জগদীপ ধনখড়।

দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় জগদ্বীপ ধনখড়। এনডিএ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে মুঠ ৫২৮টা ভোট লাভ কৰে। আনহাতে ইউপিএ সমৰ্থিত প্ৰাৰ্থী মাৰ্গাৰেট আলভাই লাভ কৰে মুঠ ১৮২টা ভোট।

১১ আগষ্টত শপত গ্ৰহণ কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে। এম ভেংকায়া নাইডুৰ স্থানত স্থলাভিষিক্ত হ’ব ধনখড়।প্ৰত্যাশিতভাৱে ৭০ শতাংশ ভোট লাভ কৰি দেশৰ নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপালগৰাকী।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ ৭২৫ টা ভোট সাব্যস্ত হয় আৰু ১৫ টা ভোট বাতিল হয়। নিৰ্বাচনত ৫৫ গৰাকী সাংসদে ভোটদানৰ পৰা বিৰত থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 10 =

Back to top button