আন্তঃৰাষ্ট্ৰীয়খেলভাৰত

বাউটৰ এক মিনিট পূৰ্বে কিয় সলাবলৈ কোৱা হ’ল ৰিং ড্ৰেছ? প্ৰশ্ন কৰিলে মেৰীকমে

টকিঅ' অলিম্পিকৰ সপোন আধাতে সামৰিলে ভাৰতীয় বক্সাৰ মেৰী কমে

টকিঅ’ অলিম্পিকৰ সপোন আধাতে সামৰিলে ভাৰতীয় বক্সাৰ মেৰী কমে। বৃহস্পতিবাৰে কলম্বিয়াৰ বক্সাৰ ইংগৰিত ভেলেনচিয়াই ভাৰতীয় বক্সাৰ মেৰী কমক পৰাস্ত কৰে। লগে-লগে অন্ত পৰিল এটি যুগৰ। কিয়নো এয়া আছিল মেৰী কমৰ জীৱনৰ অন্তিমখন অলিম্পিক খেল।

খেলত পৰাজয় বৰণ কৰি মৰ্মাহত হৈ পৰা খেলুৱৈগৰাকীয়ে শুকুৰবাৰে শ্বেয়াৰ কৰে এটা দুখজনক টুইট। য’ত তেওঁ লিখিছে, “আশ্বৰ্য্যজনক! কোনোবাই বুজাব পাৰিবানে ৰিং ড্ৰেছ(Ring Dress) কি হয়? মোৰ প্ৰি-কোৱাৰ্টাৰ বাউটৰ কেইমিনিটমান পূৰ্বে মোক সলাবলৈ কোৱা হৈছিল মোৰ ৰিং ড্ৰেছ, কিয় কোনোবাই ক’ব পাৰিবনে”?

এই টুইট লিখি বক্সাৰগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী, কিৰণ ৰিজিজো, অলিম্পিক সন্থা, অনুৰাগ ঠাকুৰক টেগ কৰি টুইটাৰযোগে সোধে প্ৰশ্ন।

অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰ বাউটত পৰাজয় বৰণ কৰা খেলুৱৈগৰাকীয়ে সহজভাৱে ল’ব পৰা নাই পৰাজয়ৰ গ্লানি। তেওঁ কয় যে,” ৰিঙৰ ভিতৰত মই যথেষ্ট সুখী আছিলো কাৰণ মই জানিছিলো যে মই জিকিছো। যেতিয়া মোক ড’পিঙৰ বাবে লৈ গৈছিল তেতিয়াও মই সুখী আছিলো। পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াত দেখি আৰু মোৰ প্ৰশিক্ষকে মোক জনালতহে মই গম পাইছো যে মই হাৰিলো।”

উল্লেখযোগ্য যে, পূৰ্বতে কলম্বিয়াৰ প্ৰতিদ্বন্দ্বী বক্সাৰগৰাকীক দুবাৰকৈ পৰাস্ত কৰিছিল ভাৰতীয় বক্সাৰ মেৰী কমে। টকিঅ’ অলিম্পিকত পৰাজয় বৰণ কৰিলেও উত্তৰ-পূবৰ মেৰী কমৰ দেশৰ প্ৰতি অৱদান প্ৰতিজন ভাৰতীয়ই সদায়ে মনত ৰাখিব। প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত জিলিকি ৰ’ব এম চি মেৰীকম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.