অপৰাধঅসমআঞ্চলিকদৈনিক বাতৰি

মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰা ইমৰাণ শ্বাহ চৌধুৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

মুখ্যমন্ত্ৰীৰ চহী জালিয়াতিৰে ৱৰ্ক অৰ্ডাৰ উলিয়াইছিল ধৃত ইমৰাণ শ্বাহ চৌধুৰীয়ে

৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰি দুৰ্নীতি কৰা ইমৰাণ শ্বাহ চৌধুৰীক। মঙলবাৰে চিজেএম আদালতে দিয়ে এই নিৰ্দেশ।

উল্লেখযোগ্য যে,  মুখ্যমন্ত্ৰীৰ চহী জালিয়াতিৰে ৱৰ্ক অৰ্ডাৰ উলিয়াইছিল ধৃত ইমৰাণ শ্বাহ চৌধুৰীয়ে ৷ ১৪ দিনৰ বাবে ইমৰাণ শ্বাহ চৌধুৰীক নিজৰ জিম্মাত বিচাৰিছিল দিছপুৰ আৰক্ষীয়ে।

ইতিমধ্যেই চহী জালিয়াতিৰে জড়িত দিলীপ দাস আৰু ৰাজীৱ কলিতাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে, ঘটনাৰ সৈতে জড়িত অন্য দুজন অভিযুক্ত অনুপম চৌধুৰী আৰু প্ৰকাশ বসুমতাৰী এতিয়াও পলাতক অৱস্থাত আছে। মুখ্যমন্ত্ৰীৰ ভুৱা চহীৰে জল জীৱন আঁচনিৰ ৩ কোটিৰ ৱৰ্ক অৰ্ডাৰ উলিওৱাৰ অভিযোগ আটাইকেইজনৰ বিৰুদ্ধে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.