অপৰাধঅসমঅসম আৰক্ষী

কাকৈ সংৰক্ষিত বনাঞ্চলত চলিছে এচিয়াৰ বিখ্যাত চিয়া নাহৰৰ ধ্বংস যজ্ঞ

বনাঞ্চলখনত এচিয়াৰ বিখ্যাত চিয়ানাহৰৰ কাটি বনমাফিয়াই চলাই গৈছে কয়লাৰ ৰমৰমীয়া ব্যৱসায়

কাকৈ সংৰক্ষিত বনাঞ্চলত চলিছে এচিয়াৰ বিখ্যাত চিয়া নাহৰৰ ধ্বংস যজ্ঞ। বনাঞ্চলখনত এচিয়াৰ বিখ্যাত চিয়ানাহৰৰ কাটি বনমাফিয়াই চলাই গৈছে কয়লাৰ ৰমৰমীয়া ব্যৱসায়। চকুমুদা কুলিৰ ভাওত বন বিভাগ।

দিনৰ পোহৰতে কাকৈ সংৰক্ষিত বনাঞ্চলখনৰ পৰা চিয়া নাহৰৰ এঙাৰ সৰবৰাহ হৈ আছে যদিও কাকৈ সংৰক্ষিত বনাঞ্চলৰ বিষয়াই কোনো গুৰুত্ব আৰোপ নকৰাত সচেতন মহলে ৰহস্যৰ গোন্ধ পাইছে। এইক্ষেত্ৰত বনমাফিয়াৰ সৈতে যে বনবিভাগ জৰিত হৈ থকাৰ সন্দেহ সচেতন মহলৰ।

দৈনিক দিনদুপৰতে শ শ চাইকেলত কাকৈ বনাঞ্চলখনৰ পৰা চিয়ানাহৰৰ কয়লা সৰবৰাহ হৈ থকাৰ বাবে সচেতন মহলৰ লগতে দল সংগঠনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বনবিভাগৰ বিৰুদ্ধে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + ten =

Back to top button