Socialঅসম

সম্পূৰ্ণ হ’ল অসম চৰকাৰৰ ১০০টা দিন, কি হ’ব চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ?

অসম চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ দিনটোতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

অসম চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ দিনটোতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

বৰ্তমান ক’ভিড পৰিস্থিতিৰ সময়ত দিশহাৰা হোৱা বাছ কৰ্মচাৰীসকলৰ বাবে বিশেষ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। আন্তঃজিলা যাতায়াত ব্যৱস্থা বন্ধ হৈ থকাৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চালক-হেণ্ডিমেনৰ মাজত। দূৰণিবটীয়া বাছ সেৱা বন্ধ হৈ থকাৰ ফলত যথেষ্ট অসুবিধাত পৰিছে কৰ্মচাৰীসকল। সেয়েহে অসম চৰকাৰে এইসকল বাছ কৰ্মচাৰীক ১০ হেজাৰ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

তৎকালীন ভাৱে ৮৩০ টকাৰ পৰা এহেজাৰ টকালৈ বৃদ্ধি কৰা হৈছে অৰুণোদয় আঁচনিৰ ধন। ২০৫ টকালৈ বৃদ্ধি কৰা হৈছে চাহ শ্ৰমিকৰ মজুৰি। পূজাৰী-নামঘৰীয়ালৈ আগবঢ়োৱা হ’ব ১৫ হেজাৰকৈ টকা। কলা-কুশলীৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হ’ব অনুৰূপ ব্যৱস্থা।

ক’ভিড আক্ৰান্তসকলক অসম চৰকাৰে দিব ৰিলিফ পেকেজ। দুই লাখ লোকক দিয়া হ’ব খোৱা পানীৰ সংযোগ, সাত লাখ লোকৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাৰো ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। কাইলৈ মাইক্ৰ’ফাইনেন্স সন্দৰ্ভত স্বাক্ষৰিত হ’ব বুজাবুজি চুক্তি।

এতিয়াৰে পৰা জিলা সদৰত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক। বৈঠকৰ আগদিনাই মন্ত্ৰীসকলে সংশ্লিষ্ট জিলালৈ ৰাওনা হ’ব লাগিব। ছেপ্টেম্বৰত ধেমাজিত অনুষ্ঠিত হ’ব প্ৰথমখন কেবিনেট বৈঠক।বৈঠকলৈ অহা-যোৱা কৰাৰ সময়ত মন্ত্ৰীসকলে মুঠ ৪ জিলাৰ পৰ্যালোচনা কৰিব।

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে অসম-মিজোৰাম সীমান্তত স্বহীদ হোৱা জোৱানৰ নিকট আত্মীয়ক নিযুক্তি পত্ৰ প্ৰদান কৰে। লগতে শীঘ্ৰেই ভূমি বিবাদ সমাধানৰ চেষ্টা কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

অহা বছৰৰ পৰা প্ৰতিখন হাইস্কুল হাইচেকেণ্ডাৰী হ’ব। লগতে নৱম-দশম শ্ৰেণীত ভূগোল আৰু বুৰঞ্জী থকাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে।

ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ পাছত চৰকাৰে লোৱা পদক্ষেপবোৰ কিদৰে সফল ৰূপায়িত হ’ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। অৱশ্যে বিগত দিনকেইটাত অসম চৰকাৰে চলোৱা ড্ৰাগছ বিৰোধী অভিযান সঁচায়ে প্ৰসংসনীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button