পৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰভাৰত

উত্তৰ ভাৰতত কান্দোনৰ ৰোল!

ডাৱৰ বিস্ফোৰণৰ ফলত ধংসস্তূপলৈ পৰিণত উত্তৰ ভাৰত

উত্তৰ ভাৰতত প্ৰকৃতিৰ তাণ্ডৱলীলা। ধংসস্তূপত পৰিণত হৈছে উত্তৰ ভাৰত। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হয় প্ৰচণ্ড বান-ভূমিস্খলনৰ। নেৰানেপেৰা বৰষুণৰ ফলত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড,ওড়িশা, ঝাৰখণ্ডত সংঘটিত হয় এই ঘটনা।

 

ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিকভাৱে সংঘটিত হোৱা এই বান আৰু ভূমিস্খলনৰ ফলত হিমাচল প্ৰদেশত মৃত্যু ঘটিছে ২২জন লোকৰ। ইয়াৰ সমান্তৰালভাৱে নিৰুদ্দিষ্ট হৈ পৰিছে বহু লোক।ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কুল্লু আৰু মন্দীৰৰ সকলো বিদ্যালয় বন্ধ ৰাখিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছে।

 

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে ৰাজ্যখনৰ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা স্থানত তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰ অভিযান চলাবলৈ ৰাজ্যখনৰ উপায়ুক্তসকলক নিৰ্দেশ দিছে।

 

ধৰমশালাত বিগত ২৪ ঘণ্টাত বৰষুণৰ পৰিমাণে সৃষ্টি কৰিছে অভিলেখ। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰাজ্যখনত অহা ২৫ আগষ্টলৈকে ভূমিস্খলনৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগেও পৰৱৰ্তী ১২ ঘণ্টাৰ বাবে ৰাজ্যখনত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। হিমাচলৰ এই প্ৰাকৃতিক দুৰ্যোগত ইতিমধ্যে বিনষ্ট হৈছে ১১৩৫ কোটিৰ সম্পত্তি।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button