দিল্লীভাৰত

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়ালৈ CBIৰ লুকআউট চাৰ্কুলাৰ!

তাৰ পিছতেই মনীষ ছিচ’দিয়াৰ চাঞ্চল্যকৰ টুইট!

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়ালৈ CBIৰ লুকআউট চাৰ্কুলাৰ!
তাৰ পিছতেই মনীষ ছিচ’দিয়াৰ চাঞ্চল্যকৰ টুইট!

সুৰা নীতিত দুৰ্নীতিৰ অভিযোগৰ চলিত তদন্তৰ ভিত্তিত শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে LOC জাৰি কৰা হৈছে। তদন্ত অনুযায়ী সুৰা নীতিত দুৰ্নীতিৰ অভিযোগত শুকুৰবাৰে আবকাৰী বিভাগ পৰিচালনা কৰা মনীষ চিছোদিয়াৰ বাসগৃহ আৰু সাতখন ৰাজ্যৰ আন ৩১টা স্থানত তালাচী চলাইছিল। সুৰা নীতি উলংঘনৰ ওপৰত চিবিআইৰ এজাহাৰত নাম থকা ১৫ জন অভিযুক্তৰ তালিকাত ছিচ’দিয়াৰ নাম তালিকাৰ শীৰ্ষত আছে৷

আজি এক টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে মনীষ ছিচ’দিয়াৰ। কিন্তু তেওঁ দিল্লীত মুক্তভাৱে ঘূৰি ফুৰিছে৷ ছিচ’দিয়াই টুইট কৰি মোদীক উদ্দেশ্যি কয় যে আপোনাৰ সকলো অভিযান বিফল হৈছে, একো নাপালে। এতিয়া আপুনি মোৰ বিৰুদ্ধে লুকআউট জাননী জাৰি কৰিছে। এই নাটক কিয় কৰিছে আপুনি? মই দিল্লীতে আছো, অনুগ্ৰহ কৰি মোক কওক মই ক’লৈ যাব লাগে।

শনিবাৰে ছিচ’দিয়াই অভিযোগ কৰে যে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰীয়ে আম আদমী পাৰ্টিৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰি আছে কিয়নো শিক্ষা আৰু স্বাস্থ্য খণ্ডত দিল্লী চৰকাৰৰ কামৰ বিষয়ে বিশ্বব্যাপী আলোচনা কৰা হৈছে।

তেওঁ অভিযোগ কৰিছিল যে চিবিআই বিষয়াসকলক হাইকমাণ্ডে তেওঁৰ ঘৰত অভিযান চলাবলৈ নিৰ্দেশ দিছিল৷ ছিচদিয়াই কয় যে কেন্দ্ৰই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বাধা দিব বিচাৰিছিল, কিয়নো আপৰ মুৰব্বীগৰাকীক তেওঁলোকে ২০২৪ চনৰ আগন্তুক সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ মুখ্য প্ৰত্যাহ্বানকাৰী হিচাপে গণ্য কৰিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.