AssamInternationalInternationalleatest updateঅৰ্থনৈতিকঅসমআমেৰিকাদৈনিক বাতৰিবিশ্ব

বিশ্বৰ কূটনৈতিক জগতৰ এজন পুৰোধা ব্যক্তি হিচাপে পৰিগণিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন বিদেশ সচিব হেনৰী কিছিংগাৰৰ দেহাৱসান…

বিশ্বৰ কূটনৈতিক জগতৰ এজন পুৰোধা ব্যক্তি হিচাপে পৰিগণিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন বিদেশ সচিব হেনৰী কিছিংগাৰৰ দেহাৱসান...

বিশ্বৰ কূটনৈতিক জগতৰ এজন পুৰোধা ব্যক্তি হিচাপে পৰিগণিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন বিদেশ সচিব হেনৰী কিছিংগাৰৰ দেহাৱসান। ১০০ বছৰ বয়সত মৃত্যু ঘটে বৰ্ষীয়ান কূটনীতিবিদগৰাকীৰ। ন’ৱেল শান্তি বঁটা লাভ কৰিও বিতৰ্কৰ সৃষ্টি হোৱা হেনৰী কিছিংগাৰৰ কৰ্মজীৱন আছিল উত্থান–পতনেৰে পৰিপূৰ্ণ। শেষ বয়সলৈকে সক্ৰিয়ভাৱে কৰ্মত ব্ৰতী হৈ থকা হেনৰী কিছিংগাৰে দুজনকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ অধীনত সেৱা আগবঢ়াইছিল।

আমেৰিকান কূটনীতিৰ বুনিয়াদ ৰচনা কৰা হেনৰী কিছিংগাৰ এটা সময়ত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকো আছিল। ৰাষ্ট্ৰপতি ৰিচাৰ্ড লিকছনৰ ঘনিষ্ঠ বিদেশ নীতিৰ মন্ত্ৰণাদাতা হিচাপে ভিয়েটনাম যুদ্ধৰ পৰা আমেৰিকাৰ ওলাই অহাৰ পথ নিৰূপণ কৰিছিল হেনৰী কিছিংগাৰে। যাৰ বাবে তেওঁ ন’বেল শান্তি  বঁটাৰে বিভুষিত হৈছিল। কানেক্টিকাটত থকা নিজা বাসভৱনতে বুধবাৰে হেনৰী কিছিংগাৰৰ দেহাৱসান ঘটে বুলি পৰিয়ালৰ তৰফৰ পৰা জনোৱা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.