ক্ৰিকেটখেলমনোৰঞ্জন

বিচিচিআইয়ে দিলে ইংগিত। ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া!

অতি শীঘ্ৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব বিচিচিআইয়ে

ভাৰতীয় ক্ৰিকেট দল পৰিচালনাৰ দৃষ্টি ভৱিষ্যতৰ ওপৰত আৰু পৰৱৰ্তী টি-২০ বিশ্বকাপৰ বাবে খেলুৱৈৰ পুল গঢ়ি তোলাৰ প্ৰথম পদক্ষেপৰ ভিতৰত বিচিচিআইয়ে নতুন অধিনায়ক নিযুক্তি আৰু জ্যেষ্ঠ খেলুৱৈসকলক পৰ্যায়ক্ৰমে বন্ধ কৰাকে ধৰি এক ডাঙৰ আহ্বান ল’ব পাৰে।

 

খবৰ অনুসৰি, বিচিচিআইয়ে অতি শীঘ্ৰে বৰ্তমানৰ ভাৰতৰ T-20Iৰ অধিনায়ক ৰোহিত শৰ্মা, মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু জ্যেষ্ঠ বেটছমেন বিৰাট কোহলীৰ সৈতে বৈঠক আহ্বান কৰি চুটি ফৰ্মেটৰ ক্ষেত্ৰত ভৱিষ্যতৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰিব। ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী টি-২০ বিশ্বকাপৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

 

যদিও কোনো নিশ্চয়তা নাই, তথাপিও জল্পনা-কল্পনা কৰা হৈছে যে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক T-20I দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হ’ব পাৰে আৰু ৰোহিতে এদিনীয়া আৰু টেষ্ট দলৰ নেতৃত্ব দিব পাৰে।

 

জানিব পৰা মতে, দলটোৰ জ্যেষ্ঠ খেলুৱৈসকলে এতিয়া কেৱল টেষ্ট আৰু এদিনীয়া খেলতহে গুৰুত্ব দিব আৰু অহা বছৰ ভাৰতে খেলিবলগীয়া T-20Iৰ মেচসমূহত নতুন খেলুৱৈ তথা নতুন প্ৰজন্মক খেলিবলৈ সুযোগ দিয়া হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button