Social

ভাৰতবাসীৰ অনুপ্ৰেৰণাৰ উৎস ভাৰতৰ মিছাইল মেন ড০ এ পি জে আব্দুল কালামৰ আজি জন্মদিন…

জীৱনকালত তেওঁ কোৱা প্ৰতিটো কথাই বৰ্তমান প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাদায়ক। ভাৰতৰ ১১তম ৰাষ্ট্ৰপতি আছিল ড০ এ পি জে আব্দুল কালাম।

আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন ড০ এ পি জে আব্দুল কালামৰ জন্মদিন। ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুত জন্মগ্ৰহণ কৰিছিল এইজন বিশ্ব প্ৰসিদ্ধ বিজ্ঞানীয়ে।

বিভিন্ন ধৰণৰ বৈজ্ঞানিক চিন্তা ধাৰা, মিছাইল উন্নয়ন তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নত গুৰুত্ব আৰোপ কৰাৰ বাবে তেওঁক ‘মিছাইল মেন’ বুলি জনা যায়। বিজ্ঞানৰ সমান্তৰালকৈ দৰ্শন, ভাষা তথা সাহিত্যৰ ক্ষেত্ৰতো তেখেত আছিল অদ্বিতীয়। তেওঁ লিখি উলিয়াইছিল ১৮খনকৈ বিখ্যাত কিতাপ। ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙত মহাপ্ৰয়াণ ঘটিছিল ভাৰত ৰত্ন ড০ এ পি জে আব্দুল কালামৰ।

জীৱনকালত তেওঁ কোৱা প্ৰতিটো কথাই বৰ্তমান প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাদায়ক। ভাৰতৰ ১১তম ৰাষ্ট্ৰপতি আছিল ড০ এ পি জে আব্দুল কালাম। মৃত্যু হৈও সকলোৰে মাজত অমৰ হৈ ৰোৱা মহান বিজ্ঞানীগৰাকীক জন্মবাৰ্ষিকীৰ দিনটোত স্মৰণ কৰিছে দেশবাসীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button