Socialঅভিনয়জীৱনশৈলীদৈনিক বাতৰি

বিশ্বৰ সৰ্বোচ্চ শৃংগ “মাউণ্ট এভাৰেষ্ট” আৰোহণ কৰি অভিলেষ গঢ়িলে প্ৰৱাসী অসমীয়া হেদায়েত আলীয়ে!

অসম সন্তান হেদায়েত আলীয়ে বৃহস্পতিবাৰে ৰাতিপুৱা বিশ্বৰ সৰ্বোচ্চ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা সপ্তম গৰাকী অসমীয়া হিচাপে অভিলেষ গঢ়ে

অসম সন্তান হেদায়েত আলীয়ে বৃহস্পতিবাৰে ৰাতিপুৱা বিশ্বৰ সৰ্বোচ্চ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা সপ্তম গৰাকী অসমীয়া হিচাপে অভিলেষ গঢ়ে। উল্লেখ্য় যে হেদায়েত আলী হাজোৰ সন্তান।

আলীয়ে লুকলাৰ পৰা এভাৰেষ্ট বেচ কেম্পলৈ ট্ৰেকিং কৰে আৰু বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.৩০ বজাত শীৰ্ষত উপনীত হবলৈ সক্ষম হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ এজন ছফ্টৱেৰ অভিযন্তা হেদায়েত আলী, তেওঁ গোৱালপাৰা সৈনিক স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

ইয়াৰ পূৰ্বে তেওঁ ইউৰোপৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰাছ, ২০১৯ চনত মাউণ্ট আকনোগুয়া আৰু ২০১৮ চনত আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰো আৰোহণ কৰিছিল।

২০১৩ চনৰ ১৮ মে’ত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা গুৱাহাটীৰ তৰুণ শইকীয়া প্ৰথম গৰাকী অসমীয়া আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.