AssamCity newsEducationHimanta Biswa Sarmaleatest updatenationalঅসমআঞ্চলিকগুৱাহাটীদৈনিক বাতৰিভাৰতশিক্ষা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যাপক অখিল ৰঞ্জন দত্তক লৈ প্ৰদান কৰা ভাবুকিমূলক মন্তব্যক তীব্ৰ গৰিহণা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

মুখ্যমন্ত্ৰীক অতি সোনকালে তেওঁৰ মন্তব্য আৰু অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক অখিল ৰঞ্জন দত্তক লৈ কৰা ভাবুকিপূৰ্ণ মন্তব্যক তীব্ৰ গৰিহণা দিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰসমাজে।

এক প্ৰেছ বিবৃতিত ছাত্ৰ-ছাত্ৰী সকলে উল্লেখ কৰে যে, অধ্যাপক ডঃ অখিল ৰঞ্জন দত্তৰ সন্দৰ্ভত ২১ জানুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত দিয়া মন্তব্য আৰু অভিযোগক আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰসমাজে তীব্ৰ গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰীৰ এই অভিযোগৰ কোনো যথাৰ্থতা নাই বুলি ছাত্ৰ-ছাত্ৰী সকলে অভিযোগ নাকচ কৰে। আগন্তক দিনত অধ্যাপক দত্তৰ সাহিত্যিক আৰু বৌদ্ধিক ৰচনাৰ অৱদানৰ ওপৰত মুখ্যমন্ত্ৰীয়ে যাতে ভাবুকিপূৰ্ণ মন্তব্য নকৰে। আমি ইয়াক আমাৰ শৈক্ষিক স্বাধীনতা আৰু পাঠদান তথা শিক্ষণ প্ৰক্ৰিয়াত বাধা বুলি গণ্য কৰোঁ। লগতে ছাত্ৰ-ছাত্ৰী সকলে মুখ্যমন্ত্ৰীক অতি সোনকালে তেওঁৰ মন্তব্য আৰু অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.