অসমগুৱাহাটী

দুখবৰ! সাংস্কৃতিক জগতৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ৰবীন্দ্ৰ ভৱনত শীঘ্ৰেই পৰিব হাতুৰীৰ কোব!

ভাঙি পেলোৱা হ'ব ৰবীন্দ্ৰ ভৱন

ভাঙি পেলোৱা হ’ব ৰবীন্দ্ৰ ভৱন! নাথাকিব হাজাৰ হাজাৰ নাট্যপ্ৰেমীৰ স্মৃতি। ন-ৰূপ দিয়াৰ স্বাৰ্থত নিশ্চিহ্ন কৰা হ’ব ভৱনটো। বৰ্তমান ভৱনটো থকা অৱস্থানত নিৰ্মাণ কৰা হ’ব এটা বৃহৎ অট্টালিকা। আন্তঃগাঁথনিমূলক বিজুতিৰ বাবে ২০১৮ চনৰ পৰা ২০২১ বৰ্ষৰ নৱেম্বৰ মাহলৈ মেৰামতিৰ বাবে বন্ধ হৈ আছিল ৰবীন্দ্ৰ ভৱন। তিনিটা বছৰে ৰবীন্দ্ৰ ভৱনটো চূণ, তেল সানি পুনৰ মুকলি কৰিছিল যদিও চলিত বৰ্ষত পুনৰ বন্ধ হ’ল ৰবীন্দ্ৰ ভৱন। অৱশেষত অসম চৰকাৰে ৰবীন্দ্ৰ ভৱনটো সম্পূৰ্ণকৈ ভাঙি পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা বৰ্ষৰ পৰা বাজেট অনুমোদন সাপেক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ আৰ্হিত নিৰ্মাণ কৰাৰ পৰিকল্পনা ৰবীন্দ্ৰ ভৱনটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.