Assamঅসমগুৱাহাটীদৈনিক বাতৰি

দীপাৱলীৰ নিশাই দিছপুৰৰ বিধায়ক আৱাস চৌহদত চাঞ্চল্যকৰ ঘটনা, বিধায়ক আৱাসৰ C ব্লকৰ প্ৰথম মহলাত দেখা গ’ল গুলীৰ দাগ

দীপাৱলীৰ নিশাই দিছপুৰৰ বিধায়ক আৱাস চৌহদত চাঞ্চল্যকৰ ঘটনা

বিধায়ক আৱাসত গুলীৰ চিহ্ন। ঘটনাস্থলীত উপস্থিত CRPFৰ COৰ। ঘটনাস্থলী পৰিদৰ্শন DIG অনিল কুমাৰৰ। জোৰদাৰ গতিত তদন্ত চলি থকাৰ কথা প্ৰকাশ।

উল্লেখ্য যে, দীপাৱলীৰ নিশাই দিছপুৰৰ বিধায়ক আৱাস চৌহদত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। বিধায়ক আৱাসৰ C ব্লকৰ প্ৰথম মহলাত গুলীৰ দাগ দেখা পোৱা গ’ল। লগে লগে উচ্চতম সুৰক্ষা ব্যৱস্থাৰ মাজত থকা চৌহদটোত চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীলৈ ৰাওনা হৈ তদন্ত আৰম্ভ কৰে মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে। কেবাজনো বিধায়কে ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

বিধায়কসকল দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, মানৱ ডেকাই ঘটনা সন্দৰ্ভত আশ্চৰ্য প্ৰকাশ কৰে। ইফালে আৰক্ষীয়েও বিষয়টোক গুৰুত্ব উপলব্ধি কৰি তাৎক্ষণিকভাৱে অনুসন্ধান আৰম্ভ কৰি প্ৰকৃততেনো কি হৈছিল সেয়া নিৰ্ধাৰণ কৰাৰ বাবে প্ৰচেষ্টা হাতত লয়। ঘটনাস্থলীত উপস্থিত হৈ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই সন্দৰ্ভত ফৰেনছিক বিভাগৰ সহায়ত ঘটনাৰ সবিশেষ উদ্ধাৰৰ চেষ্টা চলোৱা হ’ব বুলি মন্তব্য কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.