অসম

১৮ জানুৱাৰীৰ পৰা ৰাজ্যত তিনিটা পৰ্যায়ত আৰম্ভ হ’ব গুণোৎসৱ

১৮ জানুৱাৰী, ১ আৰু ১৫ ফেব্ৰুৱাৰীত হ'ব বিদ্যালয়সমূহৰ স্বমূল্যায়ন

১৮ জানুৱাৰীৰ পৰা ৰাজ্যত তিনিটা পৰ্যায়ত আৰম্ভ হ’ব গুণোৎসৱ। ১৯, ২০, ২১ জানুৱাৰীত অনুস্থিত হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। ২, ৩ আৰু ৪ ফেব্ৰুৱাৰীত অনুস্থিত হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু ১৬, ১৭, ১৮ ফেব্ৰুৱাৰীত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ।

Pokalagi Pre-Senior Madrassa, Dhubri, Assam - Our Pokalagi Pre-Senior Madrassa got Grade-'B' in Gunotsav,2017 Phase-iii. | Facebook

১৩খন জিলাত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আনহাতে ১০খনকৈ জিলাত হ’ব ২য়, ৩য় পৰ্যায়ৰ গুণোৎসৱ। প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’বলগা জিলাকেইখন ক্ৰমে বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, দঃ শালমাৰা মানকাচৰ শিৱসাগৰ, তিনিচুকীয়া, ওদালগুৰি। দ্বিতীয় পৰ্যায়ত বাক্সা, চিৰাং, চৰাইদেউ, ধুবুৰী, ডিমা হাচাও, হাইলাকান্দি, যোৰহাট, কামৰূপ (ম), শোণিতপুৰ,পশ্চিম কাৰ্বি আংলং জিলাতো হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। আৰু তৃতীয় পৰ্যায়ত বিশ্বনাথ, বঙাইগাঁও, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আলং, কাছাৰ, নগাঁও, নলবাৰীত অনুস্থিত হ’ব। ১৮ জানুৱাৰী, ১ আৰু ১৫ ফেব্ৰুৱাৰীত হ’ব বিদ্যালয়সমূহৰ স্বমূল্যায়ন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.