অসমমিজোৰাম
Trending

‘আমি সীমান্তত বহিম, লাগিলে মৰি যাম, তথাপি মিজোৰামক এৰি নিদিওঁ অসমৰ মাটি’-হিমন্ত বিশ্ব শৰ্মা

অসমৰ জোৱানৰ লগতে নাগৰিকক LMGৰে আক্ৰমণ কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই

পুনৰ উত্তপ্ত অসম-মিজোৰাম সীমান্ত। দীৰ্ঘদিন ধৰি চলি অহা সীমান্ত বিবাদে লৈছে নতুন মোৰ। জোৱানৰ তেজেৰে ৰাঙলী হোৱা কাছাৰ জিলাৰ বিবাদ সন্দৰ্ভত এক সংবাদমেলযোগে মুখ খুলিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সোমবাৰে সীমান্তত হোৱা উত্তেজনাৰ পাছতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই ঘটনাৰ পাছতে এক শান্ত সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক আইজললৈ নিমন্ত্ৰণ কৰিছে মুখ্যমন্ত্ৰী জোৰামথাংগাই। আইজলত এখন শান্তি চুক্তিৰ স্বাক্ষৰ কৰাৰ কথাও উল্লেখ কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
সীমান্ত বিবাদৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, সম্পূৰ্ণভাৱে সুৰক্ষিত অসম ভূমি। পূৰ্বতে যদিও সীমা সংঘৰ্ষৰ সময়ত মিজো দুৰ্বৃত্তই অসমৰ মাটি বেদখল কৰিছিল, তথাপি এইবাৰ নতুনকৈ অসমৰ এক ইঞ্চি মাটিও মিজোয়ে ল’ব পৰা নাই বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। দুয়োখন ৰাজ্যৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰক সিদ্ধান্ত ল’বলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।

অসমৰ জোৱানৰ লগতে নাগৰিকক LMGৰে আক্ৰমণ কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে উপলব্ধি কৰিব যে, নিজৰ দেশৰ নাগৰিকক কেতিয়াও LMGৰে আক্ৰমণ কৰিব নালাগে। নিজৰ দেশৰ নাগৰিকক আক্ৰমণ কৰাটো অতি দুঃখজনক কথা বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে তেওঁ ঘোষণা কৰে সংঘৰ্ষত মৃত্যুক সাৱটি লোৱা অসম আৰক্ষীৰ ৫জন জোৱানৰ পৰিয়াললৈ আগবঢ়োৱা হ’ব ৫০ লাখ টকাকৈ সাহায্য আৰু মৃত জোৱানৰ পৰিয়ালৰ এজনকৈ লোকে পাব চৰকাৰী চাকৰি। আনহাতে, আহত লোকসকললৈ ১ লাখ টকাৰ সাহায্য ঘোষণা অসম চৰকাৰৰ।

শীঘ্ৰেই অসম-মিজোৰাম সীমান্তত ৪০০০ নিৰাপত্তাক্ষী জোৱান মোতায়েন কৰা হ’ব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই আৰু পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

অসম সীমান্তত নতুন চিকিউৰিটী পোষ্ট নিৰ্মাণ কৰাৰ লগতে মিজো আৰক্ষীক প্ৰত্যাক্ৰমণ কৰা আৰু সংৰক্ষিত বনাঞ্চলৰ মাজেৰে মিজোৰামৰ দৰে নতুন পথ নিৰ্মাণ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক সোধা প্ৰশ্নৰ প্ৰত্যুত্তৰত তেওঁ কয় যে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ যি ভাৱমূৰ্ত্তি, সেয়া ধ্বংস নকৰে অসমে। লগতে সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ৰাস্তা নিৰ্মাণ কৰি বন সুৰক্ষা আইনৰ বিৰুদ্ধে যাব নিবিচাৰে অসম।

অৱশ্যে, জোৱানৰ তেজেৰে ৰাঙলী হোৱা সীমা সংঘৰ্ষৰ সমাধান ওলাবনে নোলায় অথবা শান্তি সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেনেদৰে পদক্ষেপ ল’ব সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − seven =

Back to top button