Internationalleatest updateআন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনাবিশ্ব

শোকাৱহ ! গ্ৰীচত দুখন ৰে’লৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত ২৬ জন

গ্ৰীচত সংঘটিত এক শোকাৱহ ৰে’ল দুৰ্ঘটনাই সকলোৰে চকু সেমেকাই তুলিছে। জানিব পৰা মতে, গ্ৰীচত দুখন ৰে'লৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত কমেও ২৬ জন লোক নিহত হোৱাৰ লগতে ৮৫ জনৰো অধিক লোক আহত

গ্ৰীচত সংঘটিত এক শোকাৱহ ৰে’ল দুৰ্ঘটনাই সকলোৰে চকু সেমেকাই তুলিছে। জানিব পৰা মতে, গ্ৰীচত দুখন ৰে’লৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত কমেও ২৬ জন লোক নিহত হোৱাৰ লগতে ৮৫ জনৰো অধিক লোক আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

শোকাৱহ ! গ্ৰীচত দুখন ৰে'লৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত ২৬ জন

বৰ্তমান আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ বাবে নিকটতম চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এইটো আশংকা কৰা হৈছে যে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক।

জানিব পৰা মতে, দুৰ্ঘটনাটোৰ পিছত ৰে’ল ট্ৰেকৰ কাষত ৰে’লৰ কম্পাৰ্টমেণ্টবোৰ পৰি থকা দেখিবলৈ পোৱা গৈছে। দুৰ্ঘটনাটোৰ পিছত, ৰে’লৰ পৰা বহু সময়লৈ ধোঁৱা ওলাই আছিল। উদ্ধাৰকাৰীসকলে টৰ্চ লৈ ৰে’লখনত আৱদ্ধ যাত্ৰীসকলক বিচাৰিছিল আৰু তেওঁলোকক উলিয়াই চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল।

শোকাৱহ ! গ্ৰীচত দুখন ৰে'লৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত ২৬ জন

গ্ৰীক সংবাদ মাধ্যম অনুসৰি, দুৰ্ঘটনাটো নিশা সংঘটিত হৈছিল। এইটো এতিয়াও স্পষ্ট হোৱা নাই যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কাৰণ বা ইয়াৰ উৎস কি আছিল। গ্ৰীচৰ থিচলি অঞ্চলৰ গভৰ্ণৰে জনোৱা মতে এখন যাত্ৰীবাহী ৰে’ল এথেন্সৰ পৰা উত্তৰৰ থেছালোনিকি চহৰলৈ যাত্ৰা কৰি আছিল।

আনহাতে, আন এখন মালবাহী ৰে’ল থেছালোনিকিৰ পৰা লাৰিছালৈ আহি আছিল। এই দুখন ৰে’লৰ লাৰিছা চহৰ পোৱাৰ আগতে মুখামুখি সংঘৰ্ষ হৈছিল।

শোকাৱহ ! গ্ৰীচত দুখন ৰে'লৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত ২৬ জন

এগোৰাষ্টোছে জনোৱা অনুসৰি ৰে’লখনত প্ৰায় ৩৫০ জন লোক আছিল। ইয়াৰ ভিতৰত, ২৫০ জন যাত্ৰীক ৰে’লখনৰ পৰা সুৰক্ষিতভাৱে উদ্দাৰ কৰা হৈছে আৰু বাছত থেছালোনিকি চহৰলৈ প্ৰেৰণ কৰা হয়।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীৰ কাষেৰে পাৰ হৈ যোৱা এজন ব্যক্তিৰ মতে, দুৰ্ঘটনাটোৰ পিছত যথেষ্ট বিশৃংখলতাৰ সৃষ্টি হৈছিল। সংঘৰ্ষৰ পিছত এনে লাগিছিল যেন ভূমিকম্প হৈছে।

শোকাৱহ ! গ্ৰীচত দুখন ৰে'লৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত ২৬ জন

মানুহে জোৰেৰে চিঞৰ–বাখৰ কৰিছিল আৰু সহায়ৰ বাবে অনুৰোধ কৰিছিল। অগ্নিনিৰ্বাপক বিভাগৰ মুখপাত্ৰ ভাচিলিছ বৰ্থাকোগিয়ানিছে কয় যে দুৰ্ঘটনাটোৰ পিছত মানুহক উদ্ধাৰৰ কাম পূৰ্ণ গতিত চলি আছে।

দুৰ্ঘটনাটোৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা লোকসকলে উদ্ধাৰকাৰী দলটোক যাত্ৰীসকলক উদ্ধাৰ কৰাত সহায় কৰিছিল। উদ্ধাৰ অভিযানত জড়িত এজন উদ্ধাৰকাৰী কৰ্মীয়ে কয় যে নিশা ঘন অন্ধকাৰৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত সকলো ঠাইতে ধোঁৱা বিয়পি পৰাৰ বাবে উদ্ধাৰ অভিযান চলোৱাত সমস্যা হৈছিল। কিন্তু, এই সমস্যাৰ পিছতো দলটোৱে যথাযথ চেষ্টা অব্যাহত ৰাখে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 5 =

Back to top button