অসমঅসম আৰক্ষী

অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি

উল্লেখ্য যে, ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত উত্তৰ বিচাৰিছিল উচ্চ ন্যায়ালয়ে।

অপৰাধমুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে অপৰাধীৰ গতি ৰোধিবলৈ লৈ আহিছে বিশেষ পদক্ষেপ। ২০২১ বৰ্ষত ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ মাফিয়া, গো-মাফিয়াৰ লগতে বহু অপৰাধীক। পিছে বিগত কেইবা মাহত অসমত হোৱা এনকাউণ্টাৰ সন্দৰ্ভত আজি উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ প্ৰক্ৰিয়া।

উল্লেখ্য যে, ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত উত্তৰ বিচাৰিছিল উচ্চ ন্যায়ালয়ে। প্ৰতিটো এনকাউণ্টাৰৰ গোচৰ ৰুজু হৈছে উচ্চ ন্যায়ালয়ত। মঙলবাৰে, আদালতক এনকাউণ্টাৰৰ সবিশেষ জনালে চৰকাৰে। সকলো গোচৰৰ তথ্যসহ শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ।

গৃহসচিবৰ স্বাক্ষৰসহ দিব লাগিব শপতনামা। দুসপ্তাহৰ ভিতৰত শপতনামা দিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰকাৰৰ উত্তৰৰ ওপৰত নিৰ্ভৰ কৰি আজি ন্যায়ালয়ত শুনানি। দিল্লীৰ এজন অধিবক্তাই PIL দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ত। CBI অথবা ন্যায়িক তদন্ত বিচাৰিছিল আবেদনকাৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button