AssamViral

ৰন্ধন গেছ চিলিণ্ডাৰ সন্দৰ্ভতো আজিৰ দিনটোৰ পৰা আছে ভাল খবৰ

৫১ টকাকৈ গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস

আজিৰ পৰা সলনি হ’ব প্ৰায় ৫টাকৈ বৃহৎ নিয়ম। ৰন্ধন গেছ চিলিণ্ডাৰ সন্দৰ্ভতো আজিৰ দিনটোৰ পৰা আছে ভাল খবৰ।ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেল বিপণন কোম্পানীয়ে আজিৰ পৰা ৫১ টকাকৈ গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে কিন্তু এই সুবিধা কেৱল ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব ।এই পৰিৱৰ্তনৰ পিছত দিল্লীত ১৯ কেজি কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ মূল্য হ’ব ১৫৮০ টকা।ইয়াৰ পূৰ্বে দিল্লীত কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য আছিল ১৬৩১.৫০ টকা।কেৱল ইমানেই নহয় আজিৰে পৰা গুৱাহাটী মহানগৰীত ১৯ কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ’ব ১৭৭৫.৫০ টকা। আজিৰ পৰা অৰ্থাৎ ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন মূল্য। অৱশ্যে এই ক্ষেত্ৰত ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.