অসমআঞ্চলিকসংগীতসংস্কৃতিসাহিত্য

গহপুৰৰ চৰকাৰী বিদ্যালয়সমূহৰ এক ব্যতিক্ৰমী পদক্ষেপ!

মজিয়াত বহি আধ্যাত্মিক শিক্ষা প্ৰদান মহকুমাধিপতি দ্বিপন বৰ্মণৰ

গহপুৰৰ চৰকাৰী বিদ্যালয়সমূহৰ এক ব্যতিক্ৰমী পদক্ষেপ। মজিয়াত বহি আধ্যাত্মিক শিক্ষা প্ৰদান মহকুমাধিপতিৰ।

গহপুৰৰ চৰকাৰী বিদ্যালয়সমূহৰ এক ব্যতিক্ৰমী পদক্ষেপ। সপ্তাহত টোৰ প্ৰতিটো শনিবাৰে আধ্যাত্মিক, সাংস্কৃতিক চৰ্চাৰে উজ্বলি উঠে গহপুৰৰ প্ৰতিখন চৰকাৰী বিদ্যালয়। প্ৰত্যেক সপ্তাহৰ শনিবাৰৰ দিনটোত গহপুৰৰ প্ৰায় সকলো জনগোষ্ঠীয়লোকে নিজৰ নিজৰ জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি বিদ্যালয়ত সাংস্কৃতিক বিনিময় কৰাৰ উপৰিও ধৰ্মীয় জ্ঞান প্ৰদান কৰে৷

 

গহপুৰ মহকুমা প্ৰশাসনে প্ৰজেক্ট সমৃদ্ধিৰ জৰিয়তে যোৱা তিনিমাহৰ পূৰ্বৰ পৰা এই কাম কৰি আহিছে৷ শনিবাৰৰ দিনটোত গহপুৰৰ মহকুমাধিপতি দ্বিপন বৰ্মণ নিজেই উপস্থিত হয় দুখনকৈ বিদ্যালয়ত। লগতে বাকী উপস্থিত ৰাইজৰ সৈতে মজিয়াত বহি আধ্যাত্মিক শিক্ষা চৰ্চা কৰে মহকুমাধিপতিজনে৷

 

গহপুৰৰ আন একাংশ বিদ্যালয়ত উপস্থিত হয় গহপুৰ মহকুমা প্ৰশাসনৰ অনান্য সহকাৰী আয়ুক্ত সকল৷ এইবাৰ গহপুৰৰ পূৱ ডুবিয়াৰ মিলনজ্যোতি এম ই স্কুলত উপস্থিত হ’ল গহপুৰৰ মহকুমাধিপতি দ্বিপন বৰ্মণ৷ছাত্ৰ-ছাত্ৰীসকলক আধ্যাত্মিকতাৰ জ্ঞান দিয়াৰ উপৰিও একেলগে মজিয়াত বহি গালে হৰিনাম৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.