leatest updateঅসমঅসম আৰক্ষীদৈনিক বাতৰি

দুধনৈৰ ডাব্‌লীত আল্ট্ৰা বাছ আৰু পিক আপ ভেনৰ মাজত মুখামুখি সংঘৰ্ষ ৷

দুৰ্ঘটনাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰে দুয়োখন বাহন...

দুধনৈৰ ডাব্‌লীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু পিক আপ ভেনৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত দুয়োখন বাহন ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰে ৷ বহুসময় ধৰি পিক-আপভানৰ চালক বাহনখনৰ ভিতৰতে আৱদ্ধ হৈ থাকে। গুৰুতৰভাৱে আহত পিকআপ ভানৰ চালক নুৰ আলমক আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হৈ যদিও গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মৃত্যু হয় নুৰ আলমৰ।

উল্লেখ্য যে, গোৱালপাৰাৰ পৰা গুৱাহাটী লৈ বাছখন আহি থকাৰ সময়তে বিপৰীত দিশৰ পৰা আহি আছিল পিকআপ ভানখন ৷ দুৰ্ঘটনাত বাছখনৰ কেইবাজনো যাত্ৰী আহত হয়। আহত হোৱা যাত্ৰীকেইগৰাকীক কৃষ্ণাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.