অপৰাধঅসমআঞ্চলিক

GMCHত চলিছে দালালৰাজ! অধ্যক্ষৰ চহী জালিয়াতিৰে লাখ লাখ টকা লুট

GMCHৰ অধ্যক্ষ অভিজিত শৰ্মাৰ চহী জালিয়াতিৰে ভুৱা বিল প্ৰস্তুত কৰা হৈছে

GMCHত চলিছে দালালৰাজ! অধ্যক্ষৰ চহী জালিয়াতিৰে লাখ লাখ টকা লুট

GMCHত পুনৰ সংঘতিত হৈছে দালালৰাজৰ ঘটনা। GMCHৰ অধ্যক্ষ অভিজিত শৰ্মাৰ চহী জালিয়াতিৰে ভুৱা বিল প্ৰস্তুত কৰা হৈছে। মঞ্জুবালা নৰহ আৰু জুনু শইকীয়া নামৰ দুইগৰাকী ব্যক্তিৰ নামত প্ৰস্তুত হৈছে এই বিল আৰু ঘটনা সন্দৰ্ভত ভঙাগড় থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে অভিজিত শৰ্মাই।

GMCH এইবাৰেই নহয় ইয়াৰ আগতেও বহুবাৰ এনেধৰণৰ দালালৰাজৰ ঘটনা সংঘটিত হৈ আহিছে।অধ্যক্ষ গৰাকীৰ চহী জালিয়াতিৰে হাজাৰ টকা নহয় লাখ লাখ টকাৰ বৃহৎ কেলেংকাৰী হৈ আহিছে GMCHত।

কিন্তু বিগত কিছুদিন ধৰি তৃতীয় বাৰৰ বাবে ক’ভিডত আক্ৰান্ত হৈ আছিল GMCHৰ অধ্যক্ষগৰাকী। সেইসময়তে এটা দুষ্ট চক্ৰই কেইবাখনো বিল প্ৰস্তুত কৰি লাখে লাখে টকা মুকলি কৰি নিয়াৰ তথ্য পোহৰলৈ আহিছে।

অধ্যক্ষ গৰাকীয়ে ভঙাগড় থানাত গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.