অসমআঞ্চলিক

অসমীয়াৰ বাবে গৌৰৱৰ ক্ষণ; অৱশেষত গামোচা যে কেৱল অসমীয়াৰ তাৰ স্বীকৃতি প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে।

অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিলে ভৌগোলিক পৰিচয় (জি আই) টেগ।

অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ খবৰ। অসমৰ স্বাভিমান,অসমৰ চিনাকি,অসমীয়াৰ আবেগ গামোচাই লাভ কৰিলে GI(Geographical Indication) টেগ। এই কথা টুইটযোগে সদৰী কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পীযূষ গোৱালে।

এতিয়াৰে পৰা গামোচা কেৱল অসমত উৎপাদিত সামগ্ৰী হিচাপেহে ব্যৱহাৰ কৰা হ’ব। অসমীয়াৰ হাতেবোৱা গামোচাই GI টেগ লাভ কৰাৰ পিছতে এতিয়া গৌৰৱবোধ কৰিছে প্ৰতিজন অসমীয়াই। এয়া অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ।

Image

অসমৰ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছিল অসমৰ গামোচাৰ জি আই টেগৰ দাবী। আৰু সেই দাবীক সন্মান জনাই কেন্দ্ৰীয় চৰকাৰে অসমীয়া গামোচাক দিলে স্বীকৃতি। অৱশেষত গামোচা যে কেৱল অসমীয়াৰ তাৰ স্বীকৃতি প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button