Socialঅপৰাধঅসমআঞ্চলিক

মুকলি আকাশৰ তললৈ এছ আই জোনমনি ৰাভা

প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এছ আই জোনমনি ৰাভাৰ জামিন লাভ

প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এছ আই জোনমনি ৰাভাৰ জামিন লাভ। মুকলি আকাশৰ তললৈ জোনমনি ৰাভা। যোৱা ৪ জুনত প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নিলম্বিত SI জোনমনি ৰাভাৰ জামিন লাভ। মাজুলীৰ তিনি ব্যৱসায়ীৰ তিনিটা গোচৰৰ ভিত্তিত মাজুলী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত জেললৈ প্ৰেৰণ কৰিছিল ৰাভাক। ১ মাহ ৪ দিন মাজুলী জিলা কাৰাগাৰত কটোৱাৰ পিছত আজি জামিন লাভ কৰে জোনমনিয়ে।

মাজুলী জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতৰ পৰা জামিন লাভ কৰে জোনমনি ৰাভাই৷ জোনমনি ৰাভাৰ হৈ আদালতত নগাঁৱৰ দুজন অধিবক্তাই উকালতি কৰিছিল। উল্লেখযোগ্য যে প্ৰৱঞ্চক ভাৱীস্বামী ৰাণা পগাগে অ এন জিচিত কাম দিয়াৰ টোপ দি লাখে লাখে টকা আত্মস্যাৎ কৰাৰ কামত জড়িত হোৱাৰ লগতে বহুবোৰ স্পষ্ট অভিযোগ দি মাজুলীৰ তিনিগৰাকী ব্যৱসায়ীয়ে এজাহাৰত এছ আই জোনমনি ৰাভাক মূল অভিযুক্ত হিচাপে উল্লেখ কৰিছিল।

ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মা, অজিত বৰাই যোৱা ১০মে’ত আৰু ৰঞ্জন কুটুমে যোৱা ১৩মে’ত গড়মূৰ থানাত ৰুজু কৰাক্ৰমে 20/22, 21/22 U/S 120(B)/170/406/419/420/468/471/472 IPC,22/22 US 120-B/170/406/419/420 IPC ধাৰাৰ গোচৰৰ ভিত্তিত যোৱা ৪ জুনত জোনমনি ৰাভাক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি আদালতৰ জড়িয়তে জেললৈ প্ৰেৰণ কৰিছিল আৰু আজি জামিন লাভ কৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 14 =

Back to top button