অসমদুৰ্ঘটনা

ৰাজ্যৰ ক্ৰীড়া মহলত শোকৰ ছাঁ‌! জলকেলি কৰিবলৈ গৈ জল সমাধি দুজনকৈ ফুটবল খেলুৱৈৰ

উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ফুটবল খেলুৱৈগৰাকীক

ৰাজ্যৰ ক্ৰীড়া মহলত শোঁ‌কৰ ছাঁ‌ পেলাই তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ নামহোলোং  বিলত দুজন ফুটবল খেলুৱৈৰ সলিল সমাধি।

তিনিচুকীয়া জিলাৰ ফিল’বাৰী নাম হোলোং বিলত আজি জল কেলি কৰিবলৈ আহি জল সমাধি হ’ল দুজনকৈ ফুটবল খেলূৱৈৰ।

কাক’পথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কাঁচিজান গাঁৱৰ বিপুল মৰাণৰ পুত্ৰ অল্পজিত মৰাণ(১৪) আৰু কমল মৰাণৰ পুত্ৰ সমীৰণ মৰান(১৫) প্ৰায় বিশ গৰাকী সমনীয়াৰ সৈতে এই বিলৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ ৰতনী পথাৰত অনুষ্ঠিত হোৱা এখন ফুটবল খেলত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ পৰত যাতায়ত পথৰ নিকটৱৰ্তী নামহোলোং বিলৰ সংলগ্ন ডুমডুমা নদীৰ মোহনাত স্থাপিত জলসিঞ্চন বিভাগৰ পকী বান্ধৰ কাষৰ গভীৰ পানীত আবেলি গা ধুবলৈ নামে।

কিন্তু, দুৰ্ভাগ্যক্ৰমে কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ প্ৰায় চৈধ্য বছৰ বয়সীয়া অল্পজিত মৰাণ আৰু সমীৰণ মৰাণ দ পানীত সোমাই সন্ধানহীন হৈ পৰে। কিশোৰ দুজনৰ সন্ধানহীনতাৰ খবৰ প্ৰকাশ পোৱাত স্থানীয় ৰাইজে পানীত নামি সন্ধান কৰে যদিও তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

তিনিচুকীয়াৰ পৰা খেলূৱৈ কেইগৰাকীৰ উদ্বাৰৰ পৰা এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ এটা দল ঘটনাস্থলীত ৰাওনা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button