world cupখেল

৫ মিনিটত বিশ্বকাপ ফুটবলৰ স্থিতি সলনি কৰি বিশ্ববাসীৰ হৃদয় জিনিলে ফৰাচী খেলুৱৈ এমবাপে

গ’লৰ বন্যা বোৱাই দুধৰ্ষ এমবাপে জিনিলে সোণৰ বুট

বিশ্বকাপ ফুটবলৰ শ্বাসৰুদ্ধকৰ ফাইনেলত বীৰৰ দৰে যুঁজিও হাৰ মানিবলগীয়া হ’ল ফ্ৰান্সে। ৪-২ গ’লৰ ব্যৱধানত তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত পৰাস্ত হ’ল ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্স। কিন্তু গ’লৰ বন্যা বোৱাই দুধৰ্ষ এমবাপেই জিনিলে সোণৰ বুট। বিশ্ববাসীয়ে উপভোগ কৰিলে ফুটবলৰ অনন্য শিল্প। বিশ্বকাপ ফুটবলৰ ইতিহাসৰ আটাইতকৈ ৰোমাঞ্চকৰ মেচখনৰ সাক্ষী হৈ ৰ’ল বিশ্ববাসী। ৰোমাঞ্চকৰ লগতে শ্বাহৰুদ্ধকাৰ মেচখনত দুয়োটা দলেৰে প্ৰদৰ্শন আছিল দুৰ্দান্ত। মাত্ৰ ৫ মিনিটৰ ব্যৱধানত ফৰাচী খেলুৱৈ এমবাপে দুটাকৈ গল দি জিনিলে সকলোৰে হৃদয়। ফ্ৰান্সৰ খেলুৱৈ কাইলিয়ান এমবাপে বিশ্বকাপৰ ফাইনেলত হেট্ৰিক অৰ্জন কৰা দ্বিতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হয়। আৰ্জেণ্টিনাৰ বিৰুদ্ধে অতিৰিক্ত সময়ত নিজৰ দলটোক পৰাজয়ৰ সীমাৰ পৰা টানি আনি পেনাল্টিলৈ যোৱাৰ পূৰ্বে দুয়োটা দলে ৩-৩ গ’লত সমতা স্থাপন কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ৮০ মিনিটত ফ্ৰান্সৰ হৈ প্ৰথমটো গল দিয়ে এমবাপে। ইয়াৰ ঠিক ১ মিনিট পিছতে অৰ্থাৎ ৮১ মিনিটত এমবাপে দ্বিতীয়টো গল দি ২-২ ৰ সমতা স্থাপন কৰি পেনান্টী শ্বুটআউটলৈ লৈ যায় খেলখন। অতিৰিক্ত সময়ৰ ১১৮ মিনিটত তৃতীয়টো গলেৰে হেট্ৰিক লাভ কৰে কাইলিয়ান এমবাপে।

 

 

১৯৬৬ চনত অতিৰিক্ত সময়ৰ পিছত পশ্চিম জাৰ্মানীক ৪-২ গ’লত পৰাস্ত কৰি ফাইনেলত তিনিটা গ’ল দিয়া প্ৰথমজন খেলুৱৈ আছিল ইংলেণ্ডৰ জিঅফ হাৰ্ষ্ট। মেচৰ পিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে হতাশগ্ৰস্ত এমবাপেক সান্ত্বনা দিয়া দেখা গৈছিল। ২০০৬ চনত ইটালীৰ হাতত পৰাস্ত হোৱাৰ পিছত পাঁচটা বিশ্বকাপৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ফ্ৰান্সে পেনাল্টিত ফাইনেলত পৰাস্ত হৈছে আৰু ১৯৮৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈছে আৰ্জেণ্টিনা। এই জয়ৰ জৰিয়তে ৩৫ বছৰীয়া মেছিয়ে ডিয়েগো মাৰাডোনাক অনুকৰণ কৰি নিজৰ গৌৰৱময় কেৰিয়াৰ সম্পূৰ্ণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − seven =

Back to top button