Assamleatest updateঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকী….

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকী

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকী। এই দিনটোত পৰিয়ালৰ লগতে ৰাজ্যবাসীয়ে স্মৰণ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। ১৯৩৪ চনৰ ১১ অক্টোবৰত জন্মগ্ৰহণ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ক’ভিডজনিত জটিল পৰিস্থিতিত পৰি ২০২০ চনৰ ২৩ নৱেম্বৰত শেষনিশ্বাস ত্যাগ কৰে।

একেৰাহে তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা প্ৰয়াত তৰুণ গগৈৰ ৰাজনৈতিক বিচক্ষণতা আজিও প্ৰতিটো স্তৰৰ লোকে শ্ৰদ্ধাৰে সোঁৱৰে। ৰাজনৈতিক ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে দেশৰ অন্যতম সন্মানীয় অসামৰিক সন্মান পদ্মভূষেণেৰে প্ৰয়াত গগৈক সন্মানিত কৰা হৈছিল। লোকসভাৰ সাংসদৰ পৰা কেন্দ্ৰীয় মন্ত্ৰিত্বলৈ, কেন্দ্ৰীয় মন্ত্ৰিত্বৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমা অতিক্ৰম কৰি অহা স্বনামধম্য ৰাজনীতিকজনক তেখেতৰ পুণ্য তিথিত ৰাজ্যবাসীয়ে সশ্ৰদ্ধ প্ৰমাণ আগবঢ়াইছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.