AssamCity newsঅসম

কটন বিশ্ববিদ্যালয়ৰ SNBC হোষ্টেলৰ একাংশ ছাত্ৰৰ বিৰুদ্ধে ছাত্ৰক অপহৰণ কৰা অভিযোগ!

অপহৰণ কৰি ছাত্ৰজনৰ অশ্লীল ভিডিঅ' প্ৰস্তুত কৰা অভিযোগ!

পুনৰ বিতৰ্কত কটন বিশ্ববিদ্যালয়। কটন বিশ্ববিদ্যালয়ৰ SNBC হোষ্টেলৰ একাংশ ছাত্ৰৰ বিৰুদ্ধে ছাত্ৰক অপহৰণ কৰা অভিযোগ উত্থাপিত হৈছে।ইতিমধ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।জানিব পৰা মতে সোমবাৰে অপহৰণ হৈছিল দেৱাশীষ বৰ্মণ নামৰ এজন ছাত্ৰ আৰু ছাত্ৰজনক কটনৰ SNBC হোষ্টেলৰ একাংশ ছাত্ৰ‌ই অপৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাৱাসৰ আৱাসী ছাত্ৰই।কেৱল ইমানেই নহয় ছাত্ৰ দেৱাশীষ বৰ্মণক অপহৰণ কৰি মাৰপিট কৰাৰ অভিযোগো উত্থাপিত হৈছে।ইয়াৰ সমান্তৰালকৈ ছাত্ৰজনৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰে বুলিও অভিযোগ উত্থাপিত হৈছে লগতে এই সমগ্ৰ ঘটনা নিৰ্বাচনী কেন্দ্ৰীক ঘটনা বুলি জানিব পৰা গৈছে।জানিব পৰা মতে দেৱাশীষ বৰ্মনে ছাত্ৰ একতা সভাৰ উপ সভাপতি পদৰ বাবে নিৰ্বাচন খেলাৰ কথা আছিল ।আনহাতে ভুক্তভোগী ছাত্ৰ দেৱাশীষ বৰ্মণৰ মন্তব্য অনুসৰি ৮ ছেপ্টেম্বৰ সোমবাৰে সন্ধিয়া ৬:০০ বজাত অপহৰণ কৰা হৈছিল দেৱাশীক। কেৱল ইমানেই নহয় SNBC ৰ ছাত্ৰাবাসৰ কোঠাৰ ভিতৰত প্ৰায় ১১ গৰাকী ছাত্ৰই প্ৰহাৰ কৰিছিল দেৱাশীক।পিছে সংবাদমাধ্যমত দেৱাশীষে এই মন্তব্য কৰিছে যদিও সেই নিশা কটনৰ ছাত্ৰাবাসত প্ৰকৃততে কি হৈছিল সেয়া পোহৰলৈ আহিব পানবজাৰ আৰক্ষীৰ তদন্তৰ পিছতেই। যিয়েই নহওক ছাত্ৰ নিৰ্বাচনী সংঘাতৰ ফলশ্ৰুতিৰে কটনৰ গৰিমা ম্লান হৈছে সেয়া কিন্তু সকলোৱে অনুধাৱন কৰিছে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 9 =

Back to top button